নিৰ্বাচনী তালিকাৰ পৰা দেশৰ নিৰ্বাচনী আয়োগে ৮৬ টা অস্তিত্বহীন অথচ পঞ্জীয়নভুক্ত ৰাজনৈতিক সংগঠনৰ নাম বাতিল কৰে। ভোটগ্ৰহণ সংস্থাৰ অভিযোগ অনুসৰি তদন্ত কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে নিৰ্বাচনী আয়োগে। এই সন্দৰ্ভত নিৰ্বাচনী আয়োগে দিয়া মন্তব্য অনুসৰি, দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা ৰূপে আয়োজন কৰিবলৈ এই পদক্ষেপ অতিকৈ প্ৰয়োজনীয় আছিল।
তদুপৰি আয়োগে আন ২৫৩টা ৰাজনৈতিক সংগঠনক নিষ্ক্ৰিয় ঘোষণা কৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচনী আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেই। উল্লেখ্য যে, এই সংগঠন সমূহৰ গৰিষ্ঠ সংখ্যকেই বিহাৰ, দিল্লী, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ ।