পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক, সদৌ অসম হস্ততাঁত সমবায় সন্থাৰ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ শিপিনী মহিলা সকলক সৱলীকৰণ কৰি তেওঁলোক যাতে আৰ্থিকভাবে স্বাৱলম্বী হব পাৰে তাৰ বাবে হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ অধীনত বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ অংশ হিচাপে ৩ডিচেম্বৰত সমষ্টিটোৰ দুখীয়া মহিলা শিপিনীৰ উন্নয়নৰ হকে কাম কৰি অহা বৰঝাৰ সৰু আগছিয়া প্ৰাথমিক বোৱা – কটা সমবায় সমিতি লিমিটেড আৰু বৰাগাঁও গোটানগৰ বোৱা – কটা সমবায় সমিতিক দুই কৌটিকৈ মুঠ চাৰি কোটি টকাৰ আৰ্থিক অনুদানৰ পত্ৰ প্রদান কৰা হয়। ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ অধীনৰ উন্নয়ন আয়ুক্তৰ জৰিয়তে লাভ কৰা এই অনুদান পত্ৰ প্ৰদান কৰা উপলক্ষে সাউকুছিস্থিত প্ৰগতিশীল সংঘৰ সভাগৃহত আজি বিয়লি অনুষ্ঠিত এক অনুষ্ঠানত দুয়োখন সমিতিক এই অনুদান পত্ৰ প্ৰদান কৰা হয়।
এই উপলক্ষে বৰঝাৰ সৰু আগছিয়া প্ৰাথমিক বোৱা কটা সমবায় সমিতিৰ সম্পাদিকা গীতা মণ্ডল ডেকাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণত আঁচনিৰ ধনৰ সদব্যৱহাৰৰে হিতাধিকাৰী মহিলা শিপিনী সকলৰ উৎপাদিত সামগ্ৰীয়ে যাতে দেশ – বিদেশৰ বজাৰ দখল কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, আৰ্টফেডৰ প্ৰাক্তন পৰিচালন সঞ্চালক নৰেন্দ্ৰ নাথ ৰাণা পাটগিৰী, ভাৰত চৰকাৰৰ গুৱাহাটীস্থিত শিপিনী সেৱা কেন্দ্ৰৰ সহকাৰী সঞ্চালক সৰ্বেশ্বৰ দাস, অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক লিলি কান্ত শৰ্মা, হিচাপ পৰীক্ষক দ্বীপ ডেকা, অগপৰ কেন্দ্ৰিক সম্পাদক সুভাষ শৰ্মা উপস্থিত থাকে। উল্লেখযোগ্য যে দুয়োখন সমিতিৰ অধীনত ইয়াৰ দ্বাৰা প্ৰায় ৪০০ মহিলা শিপিনী পোনপটীয়াকৈ উপকৃত হব। তেওঁলোকৰ প্ৰশিক্ষণ, উৎপাদন, তাঁতশালৰ যোগান আদি এই আঁচনিয়ে সামৰি লব।