ভাৰতত বিকল্প ৰাজনীতিৰ কথা কবলৈ আৰম্ভ কৰাৰ সময়তে বহুতেই দিল্লীৰ অৰবিন্দ কেজৰিৱালৰ কথা চৰ্চা কৰিছে। দিল্লীত দুবাৰকৈ চৰকাৰ গঠনৰ পিছতে এইবাৰ পঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আপে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ইতিমধ্যে আপে পঞ্জাৱত চৰকাৰ গঠন কৰিব বুলি এগজিট পোলত প্ৰকাশ কৰিছে।
ইয়াৰ মাজতে বুধবাৰে ঘোষণা কৰা অসমৰ পৌৰ নিৰ্বাচনৰ ফলাফলতো দেখা গ’ল আপক। প্ৰথমবাৰৰ বাবে অসমত আপৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল। তিনিচুকীয়া আৰু লখিমপুৰ পৌৰসভাত এখনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে আপে। যাৰ বাবে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে টুইটাৰৰ জৰিয়তে এই দুইগৰাকী বিজয়ী প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিছে।
উল্লেখ্য যে, আজি ঘোষণা কৰা পৌৰ নিৰ্বাচনৰ ফলাফল অনুসৰি তিনিচুকীয়া পৌৰসভাৰ ১১ নং ৱাৰ্ডত AAPৰ প্ৰাৰ্থী অধিবক্তা ধীৰাজ কুমাৰ সিঙে বিজয় সাব্যস্ত কৰিছে। আনহাতে উত্তৰ লখিমপুৰ পৌৰসভাৰ ১৪ নং ৱাৰ্ডত AAPৰ প্ৰাৰ্থী উদিতা দাসে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। প্ৰথমবাৰৰ বাবে এইদৰে অসমত আপৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰাৰ পিছতে আনন্দিত হৈ পৰিছে দলটোৰ কৰ্মকৰ্তাসকল।