প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়তে মূল্যবৃদ্ধিক লৈ দিছপুৰত তীব্ৰ প্ৰতিবাদ জনালে আম আদমী পাৰ্টীয়ে।
ইন্ধন, অত্যাৱশ্যকীয় সামগ্ৰী আদিৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ দলটোৰ। প্ৰতিবাদস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীৰ প্ৰতিবাদকাৰীৰ লগত হতাহতি। প্ৰতিবাদত লিপ্ত হোৱাসকলক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে।
যি সময়ত প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে গুৱাহাটীত সাধাৰণ ৰাইজৰ বাবে বাছ পাবলৈ নাই, সেইসময়ত কিন্তু গণতান্ত্ৰিক ভাবে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আম আদমি পাৰ্টীৰ সদস্য সকলক আটক কৰি উঠাই নিবলৈ বাছৰ অভাৱ নাই।
যেতিয়াই বিজেপিয়ে ভয় পায়, তেতিয়াই বিজেপিয়ে প্ৰশাসনক ব্যৱহাৰ কৰে। pic.twitter.com/LS7Ly4XNTq
— AAP Assam (@AAP4Assam) April 28, 2022
পেট্ৰ’লত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই
ঔষধত লাগিছে জুই প্ৰধানমন্ত্ৰী আছে শুই শ্ল’গান AAPৰ।