ক’ভিডকালীন সময়ত PPE কিট ক্ৰয়ক লৈ হোৱা ব্যাপক কেলেংকাৰীৰ অভিযোগত বৃহস্পতিবাৰে গুৱাহাটী কপাঁলে আম আদমি পাৰ্টিয়ে। সমগ্ৰ ৰাজ্যৰ পৰা গুৱাহাটীত প্ৰতিবাদ কৰিবলৈ অহা AAPৰ কৰ্মীসকলক আৰক্ষীয়ে ভিন্ন স্থানত বাধা দিয়া স্বত্ত্বেও সহস্ৰাধিক AAP কৰ্মীৰ প্ৰতিবাদত কপিঁ উঠিল গুৱাহাটী।
প্ৰতিকূল বতৰকো নেওঁচি আপৰ সহস্ৰাধিক কৰ্মীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবীৰ লগতে শূণ্য সহনশীলতাৰ শ্লোগান গোৱা অসম চৰকাৰে মুখে কোৱা কথা হাতে-কামে পালন কৰিবলৈ দাবী জনায়। উল্লেখ্য যে, এই প্ৰতিবাদত ৰাজ্যিক AAPৰ নেতৃত্বৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক কৰ্মীয়ে সহযোগ কৰে।