গুজৰাটত ৰবিবাৰে সন্ধিয়া এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। গুজৰাটৰ মোৰবীৰ মচ্ছু নদীৰ ওপৰত থকা এখন দলং হঠাতেই খহি পৰে। প্ৰায় ৪০০ ৰো অধিক লোক সেই সময়ত দলং খনৰ ওপৰত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছিল প্ৰত্যক্ষদৰ্শীয়ে। নিশাৰে পৰাই চলাই যোৱা উদ্ধাৰ অভিযানৰ পাছত সোমবাৰে পুৱালৈ ৫০ জনৰো অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতকৰ ভিতৰত শিশু আৰু মহিলাৰ সংখ্যাই অধিক বুলিও জানিবলৈ পৰা গৈছে সংবাদ মাধ্যমৰ জৰিয়তে। আনহাতে, সন্দেহ কৰা হৈছে যে মৃতকৰ সংখ্যা ১৫০ জনৰো অধিক।
এই দুৰ্ঘটনাৰ বাবে বিজেপি চৰকাৰক লৈ সৰৱ হৈ উঠে বিৰোধী দলসমূহ। গুজৰাটৰ বিজেপি চৰকাৰৰ অৱহেলাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টীয়ে ।
উল্লেখ্য যে, প্ৰায় ১০০ বছৰতকৈও পুৰণি এই ওলমা দলং খন ২৫ অক্টোবৰত পুনৰ মুকলি কৰি দিয়া হৈছিল দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত। তেনেস্থলত শাসনাধিষ্ঠ চৰকাৰৰ ওপৰত দলংখনৰ পুনৰ্নিমাণৰ দ্বায়িত্ব ন্যস্ত আছিল আৰু এই দুৰ্ঘটনাৰ পাছত চৰকাৰক প্ৰশ্ন কৰাটো স্বাভাৱিক।
সমাগত গুজৰাট বিধানসভা নিৰ্বাচন। গুজৰাটৰ আঞ্চলিক দল সমূহৰ ওপৰিও বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে যুদ্ধ সদৃশ তৎপৰতাৰে অংশগ্ৰহণ কৰিছে নিৰ্বাচনী প্ৰচাৰত। হৃদয়বিদাৰক এই দুৰ্ঘটনাত ১৩০ জনৰো অধিক লোকৰ মৃত্যুক দলসমূহে নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে প্ৰচাৰত ব্যৱহাৰ কৰাটো হ’ব অত্যন্ত ঘৃণনীয়।