নিউজ ডেস্কঃ আজি ৰাজ্যত গঠন হ’ল এটি নতুন ৰাজনৈতিক দলৰ। অসম গণ পৰিষদৰ পাছত এইবাৰ আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হ’ল আন এটি ৰাজনৈতিক দল।
আহ্বায়ক বসন্ত ডেকাই ঘোষণা কৰিলে নতুন দলৰ নাম। ‘অসম জাতীয় পৰিষদ’ নামেৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল নতুন দলৰ। নতুন এই আঞ্চলিক দলটোৰ শ্লোগান হৈছে- “ঘৰে ঘৰে আমি”। উল্লেখযোগ্য যে,সংবাদমেল সম্বোধন কৰি আজিৰ পৰাই দলৰ কাম কাজ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে আহ্বায়কসকলে।ইতিমধ্যে ৰাজ্যৰ ২৫ খন জিলাত সাংগঠনিক কাম আৰম্ভ হৈছে।
নতুন ৰাজনৈতিক দলটোৰ সকলো প্ৰক্ৰিয়া ৩০ অক্টোবৰৰ ভিতৰত সম্পন্ন কৰা হ’ব। সদস্য ভৰ্তিৰ প্ৰক্ৰিয়া মঙলবাৰৰ পৰা আৰম্ভ হ’ব।জানিব পৰা মতে,বৰ্তমান আহ্বায়ক কমিটীত ১৭ জন সদস্য আছে।
ৰাজু ফুকনক গোলাঘাট, যোৰহাট,শিৱসাগৰৰ দায়িত্ব দিয়া হৈছে।সেইদৰে চিত্তৰঞ্জন বসুমতাৰীক জোনাই, ধেমাজি, লখিমপুৰৰ দায়িত্ব দিয়া হৈছে।প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা হ’ব সমন্বয়ক।