গুৱাহাটী – সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক অহা ৩ ডিচেম্বৰত আছুৰ পৰা আনুষ্ঠানিকভাৱে বিদায় জনোৱা হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত লুৰিণজ্যোতি গগৈক আনুষ্ঠানিক ভাৱে বিদায় জনোৱা হ’ব৷
কালি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত নতুন কাৰ্যনিৰ্বাহকৰ শপতগ্ৰহণ আৰু দায়িত্বগ্ৰহণ অনুষ্ঠানত লুৰীণজ্যোতি গগৈক ৩ ডিচেম্বৰত আছুৰ পৰা বিদায় দিয়াক কেন্দ্ৰ কৰি এক আবেগিক পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে দুলীয়াজানৰ আছুৰ সপ্তদশ কেন্দ্ৰীয় অধিৱেশনত আছুৰ মঁজিয়াৰ পৰা অৱসৰৰ ঘোষণা কৰিছিল লুৰিণজ্যোতিয়ে৷