ড০ মনমোহন সিঙৰ UPA আমোলৰ দৰে শেহতীয়াকৈ NDAৰ মোডী আমোলতো বহু কেন্দ্ৰীয় প্ৰকল্প ৰূপায়ণত অযথা বিলম্ব হোৱাৰ তথ্য প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰ্যালয়ৰ শেহতীয়া প্ৰতিবেদনত। কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে ১,৫১৪ টা কেন্দ্ৰীয় প্ৰকল্পৰ ৫১ শতাংশ প্ৰকল্প ৰূপায়ণত বিল্ব হৈছে, যাৰ বাবে দেশৰ লোকচান হৈছে ৪.৬৬ লাখ কোটি টকা। এই ধন মূল ব্যয়ৰ ২১.৯৯ শতাংশ। এইয়া হৈছে ১,৫১৪টা প্ৰকল্পৰ নিৰ্ধাৰিত ব্যয়।
পৰিৱেশ মন্ত্ৰ্যালয়ৰ সেউজ সংকেত নোপোৱাৰ বাবেই এই প্ৰকল্পসমূহ ৰূপায়ণত বিলম্ব হোৱা বুলি কোৱা হৈছে যদিও বহু ক্ষেত্ৰত ৰাজ্যসমূহৰ আইন-শৃংখলা সমস্যাও এই বিলম্বৰ কাৰণ, তদুপৰি কোৰোনা সৃষ্ট লকডাউনৰ বাবেও বহু প্ৰকল্প ৰূপায়ণত আহি পৰিছিল জটিলতা।
বিলম্বিত ১,৫১৪টা প্ৰকল্পৰ ভিতৰত আছে অসমৰ ৫২টা কেন্দ্ৰীয় প্ৰকল্প। এই প্ৰকল্পকেইটাৰ নিৰ্ধাৰিত ব্যয় হ’ল ৪৯ হাজাৰ কোটি টকা। ইতিমধ্যে এই প্ৰকল্পৰ ব্যয় ৫২ হেজাৰ কোটি টকালৈ বৃদ্ধি পাইছে।