সমাগত ৫ ৰাজ্যৰ নিৰ্বাচনত বিৰোধীৰ লক্ষ্য হৈ পৰিছে বিজেপি। এইবাৰ বিজেপি দলৰ ভিতৰতো বিসম্বাদ হোৱাৰ খবৰ আহিছে। দলীয় বাদানুবাদে দলটোৰ ভেঁটি দুৰ্বল কৰি তোলে বুলি সম্প্ৰতি শংকিত হৈ পৰিছে শাসকীয় দলটো। মন কৰিবলগীয়া যে, ২০১২ চনত উত্তৰ প্ৰদেশৰ স্নাতক ডিগ্ৰীধাৰী মাজত নিবনুৱাৰ হাৰ আছিল ২১ শতাংশ। যোগী আদিত্যনাথৰ শাসনকালত ২০১৯ চনত নিবনুৱা ৰ হাৰ ৫১ শতাংশলৈ বৃদ্ধি পাইছে। অভিযান্ত্ৰিক বিভাগৰ ডিপ্ল’মা ধাৰকসকলৰ মাজত নিবনুৱাৰ হাৰ ১৩ শতাংশৰ পৰা ৬৬ শতাংশলৈ বৃদ্ধি পাইছে।
আনহাতে, অভিযান্ত্ৰিক বিভাগত ডিগ্ৰী ধাৰকসকলৰ মাজত নিবনুৱাৰ হাৰ ১৯ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি পাইছে। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীসকলৰ মাজত নিবনুৱাৰ সংখ্যা ৪ গুণলৈ বৃদ্ধি পাইছে। ভাল দিন আহিব বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দুৰ্বল স্থিতিত এতিয়া সন্দিহান হৈ পৰিছে সাধাৰণ জনতা। আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিৰোধীপক্ষক কটাক্ষ কৰি কয়, ‘তেওঁলোক জিন্নাৰ উপাসক, আমি ছৰ্দাৰ পেটেলৰ পূজাৰী। তেওঁলোকে পাকিস্তানক ভাল পায়, আমি ভাৰত মাতৃৰ বাবে প্ৰাণ দিওঁ।’ যোগী আদিত্যনাথৰ এনেধৰণৰ কথা-বতৰাত ধৰ্মীয় মেৰুকৰণৰ গোন্ধ পাইছে সাধাৰণ জনতাই। কেৱল সাধাৰণ জনতাই নহয় তেওঁৰ ৰাজ্যৰে বিজেপি সাংসদ বৰুণ গান্ধীয়েও যোগীৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয়, ‘নিবনুৱা সমস্যা দেশৰ আটাইতকৈ ডাঙৰ সমস্যা। এনে বিষয়বোৰত কাণ সৰালি দিয়া মানে কপাহেৰে জুই নুমুৱাৰ দৰে কথা। ’স্মৰ্তব্য যে, ৰে’লৱেৰ চাকৰিত নিযুক্তিক কেন্দ্ৰ কৰি বিগত দহ দিন ধৰি উত্তৰ প্ৰদেশ আৰু বিহাৰত চাকৰি প্ৰাৰ্থীসকলৰ মাজত প্ৰতিবাদ তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে।উত্তৰ প্ৰদেশকে ধৰি ৫খন ৰাজ্যৰ সমাগত নিৰ্বাচনত বিৰোধীয়ে যুৱ প্ৰজন্মৰ সমস্যাবোৰকে আঁহিলা হিচাপে লৈছিল। কিন্তু এইবাৰ দলৰ ভিতৰতে প্ৰশ্ন উত্থাপিত হোৱাৰ বাবে বিজেপি নেতৃত্ব অধিক শংকিত হৈ পৰা দেখা গৈছে। বৰুণ গান্ধীয়ে উল্লেখ কৰাৰ দৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও ৰে’লৱেৰ চাকৰি প্ৰাৰ্থীসকলৰ প্ৰতিবাদৰ ভিডিঅ’ টুইট কৰিছে। এই ভিডিঅ’টোত চাকৰি প্ৰত্যাশী এগৰাকী প্ৰাৰ্থীয়ে কয়, ‘ৰে’লৱেৰ চাকৰিৰ বাবে ১.২৭ কোটি লোকে আবেদন কৰা বুলি ৰে’লমন্ত্ৰীয়ে সমস্যাৰ কথা কৈছে। কিন্তু ইমান নিবনুৱা কৰ পৰা আহিল সেই বিষয়ে তেওঁ নকয়। আগতকৈ অধিক আৱেদন দাখিল কৰা হৈছে যেতিয়া নিবনুৱাৰ সংখ্যাও বৃদ্ধি পাইছে। এই প্ৰসংগত ৰাহুলে কয়, ‘কোনে কৈছিল ‘আচ্ছে দিন’ এতিয়া আহিছে? শিক্ষাৰ্থীসকলে ঠিকেই কৈছে। তেওঁলোকৰ এই বেদনা সত্য।’ বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীয়ে কয়, ‘মোদী চৰকাৰে ৰে’লৱেৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা কৰিবলৈ ওলাইছে বুলি শুনিবলৈ পোৱা গৈছে। সেইবাবে ৰে’লৱে নিযুক্তি পৰীক্ষা বাতিল কৰা হৈছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মই চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সতৰ্ক কৰি দিছো। অন্যথা, যুৱ প্ৰজন্মৰ মাজত জ্বলি উঠা বিক্ষোভ-হিংসা পৰিহাৰ কৰাটো কঠিন হ’ব।