উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল জেএনইউৰ প্ৰাক্তন ছাত্ৰনেতা তথা কংগ্ৰেছৰ যুৱ নেতা কানহায়া কুমাৰ। লক্ষ্ণৌত এজন লোকে তেওঁলৈ সন্দেহজনক সামগ্ৰী নিক্ষেপ কৰে। সংবাদ মাধ্যমত সেয়া চিঞাহী আছিল বুলি কোৱা হৈছে যদিও দলীয় সূত্ৰই লোকজনে কানহায়ালৈ এচিড নিক্ষেপ কৰা বুলি দাবী কৰিছে। দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে লক্ষ্ণৌত উপস্থিত হৈছিল কানহায়া। কিন্তু তেওঁৰ প্ৰচাৰ অভিযানৰ মাজতে এনে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়।
মোদী বিৰোধী শিবিৰৰ বুলি বিবেচিত কানহায়া কুমাৰ জেএনইউত থকা সময়ৰে পৰা একাংশ লোকৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে। দেশদ্ৰোহৰ দৰে গোচৰতো কানহায়াক কাৰাবন্দী কৰাৰ চেষ্টা চলিছিল তেওঁ জেএনইউৰ ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি হৈ থকা সময়তে। ছাত্ৰ ৰাজনীতিৰ পৰা ওলাই আহি দেশৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰা কানহায়াই প্ৰথমে বাঁও শিবিৰৰ সৈতে যুক্ত হৈছিল যদিও শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰিছে। আজি উত্তৰ প্ৰদেশত কংগ্ৰেছৰ হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ যোৱাৰ সময়তে তেওঁ আক্ৰমণৰ সন্মুখীন হয়।
তথ্য অনুসৰি, এজন লোকে কানহায়া কুমাৰলৈ এচিড নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। তেওঁৰ আশে-পাশে ঠিয় হৈ থকা দুই- এজন যুৱকৰ্মীৰ গাত কানহায়ালৈ নিক্ষেপ কৰা এচিডৰ ছিটিকনি পৰে। কংগ্ৰেছ কৰ্মীসকলে আক্ৰমণকাৰী লোকজনক আটক কৰে যদিও তেওঁৰ বিষয়ে বিতং একো প্ৰকাশ কৰা নাই। উল্লেখ্য যে, কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বৃহৎ সাফল্য অৰ্জন কৰিবলৈ গৈ আছে বুলি দাবী কৰিছে কানহায়া কুমাৰে। তেওঁ কয়, হাথৰছ, উন্নাও, লখিমপুৰ খেৰীৰ দৰে কাণ্ড সংঘটিত হোৱাৰ পাছৰে পৰা কংগ্ৰেছে ন্যায়ৰ দাবীত ৰাজপথত অৱস্থান কৰি আছে।