হৃদৰোগত আক্ৰান্ত হৈ গোৱাত সোমবাৰে নিশা মৃত্যুবৰণ কৰিলে বিজেপিৰ সোণালী ফোগটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪২ বছৰ। জানিব পৰা মতে বিজেপি নেত্ৰী গৰাকীয়ে কিছুদিন পূৰ্বে তেওঁৰ একাংশ কৰ্মচাৰীৰ সৈতে গোৱালৈ গৈছিল আৰু অস্থিৰতা অনুভব কৰা বাবে হাস্পতাললৈ লৈ যোৱা হৈছিল।
উল্লেখযোগ্য যে, ২০১৯ চনৰ হাৰিয়ানা নিৰ্বাচনত সোণালী ফোগটে আদমপুৰৰ পৰা প্ৰতিদন্দ্বিতা কৰিছিল। ফোগাট এগৰাকী টিকটক ষ্টাৰ আছিল আৰু নিৰ্বাচনৰ সময়ত তেওঁৰ টিকটৰ ভিডিঅ’ক লৈ খুব চৰ্চিত হৈছিল।
সোণালীয়ে নিজৰ কেৰিয়াৰ ২০০৬ চনত আৰম্ভ কৰিছিল এংকৰিঙৰ যোগেদি। ২০০৮ চনত বিজেপিৰ সদস্যপদ গ্ৰহণ কৰি ৰাজনীতিৰ পথাৰত সক্ৰিয় হৈ পৰিছিল। সোণালীয়ে পঞ্জাবী আৰু হাৰিয়ানাৰ ভাষাত ছবি আৰু মিউজিক ভিডিঅ’ কৰিছিল। ২০১৯ চনত সোণালীয়ে ‘ছোৰিয়া ছোৰো ছে কম নহী হোতী’ ছবিত কাম কৰিছিল, যিখন তেওঁৰ প্ৰথম ছবি আছিল। জনপ্ৰিয় টিভি শ্ব’ বিগ বছতো অংশগ্ৰহণ কৰিছিল সোণালীয়ে।