‘সংস্কৃত ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে’ এই দাবী বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটৰ। ‘মই কওঁ যে সংস্কৃত আমাৰ ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে, হিন্দী, জাৰ্মানী, ইংৰাজী, ফৰাচীৰ দৰে ভাষা, এই সকলোবোৰ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। আমাৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে সংস্কৃত কিয় নাই? বিদ্যালয়সমূহত সংস্কৃত কিয় বাধ্যতামূলক নহয়, মই সেইটো নাজানো’ কংগণাই এইদৰে মন্তব্য কৰে৷
‘হিন্দী আমাৰ ৰাষ্ট্ৰভাষা আছিল, ৰাষ্ট্ৰভাষা হয় আৰু সদায় ৰাষ্ট্ৰভাষা হৈ থাকিব’ বুলি তাৰকা অভিনেতা দেৱগনে কৰা মন্তব্যৰ সমৰ্থন কৰি কংগণাই কয় যে, হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে অস্বীকাৰ কৰাটোৱে সংবিধানক অস্বীকাৰ কৰিছে। ‘আজি দেশৰ ভিতৰত আমি ইংৰাজীক যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছোঁ। সংবিধান অনুসৰি হিন্দী হৈছে ৰাষ্ট্ৰীয় ভাষা’ তেওঁ কয়।
.@KicchaSudeep मेरे भाई,
आपके अनुसार अगर हिंदी हमारी राष्ट्रीय भाषा नहीं है तो आप अपनी मातृभाषा की फ़िल्मों को हिंदी में डब करके क्यूँ रिलीज़ करते हैं?
हिंदी हमारी मातृभाषा और राष्ट्रीय भाषा थी, है और हमेशा रहेगी।
जन गण मन ।— Ajay Devgn (@ajaydevgn) April 27, 2022
কানাড়া অভিনেতা কিচ্চা সুদীপে কৈছিল যে, হিন্দী কেতিয়াও ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়। হিন্দীত লিখা এটা টুইটত দেৱগণে সুদীপক টেগ কৰি কয়, ‘ভাই, যদি আপোনাৰ মতে হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয় তেন্তে আপুনি আপোনাৰ চিনেমাবোৰ হিন্দীত ডাব কৰি কিয় মুকলি কৰে? হিন্দী আমাৰ মাতৃভাষা আৰু ৰাষ্ট্ৰীয় ভাষা আৰু সদায় ৰাষ্ট্ৰভাষা হৈ থাকিব।’
উল্লেখ্য যে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই, কংগ্ৰেছ নেতা সিদাৰামাইয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সুদীপক তেওঁৰ মন্তব্যৰ বাবে সমৰ্থন জনাইছিল।