নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সন্তান আদিত্য থাকৰেক ‘বেবী পেংগুইন’ অৰ্থাৎ ‘কেঁচুৱা পেংগুইন’ আখ্যা দি বিপদত পৰিছে সমীৎ থাক্কৰ নামৰ এজন ব্যক্তিয়ে৷
ব্যক্তিজনে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ‘আধুনিক যুগৰ ঔৰংজেৱ’ বুলি অভিহিত কৰাৰ লগতে তেওঁৰ পুত্ৰ আদিত্য থাকৰেৰ ‘বেবী পেংগুইন’ বুলি আখ্যা দিছে৷
এই সন্দৰ্ভত যুৱ সেনাৰ আইনী মুৰব্বী ধৰ্মেন্দ্ৰ মিশ্ৰাই এইদৰে কয়, ‘‘এয়া প্ৰথমবাৰ নহয় যে সমীৎ থাক্কৰে কোনো ৰাজনৈতিক ব্যক্তি সন্দৰ্ভত এনে মন্তব্য কৰিছে৷ সেয়ে মই তেওঁৰ বিৰুদ্ধে ভি পি ৰোডৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছো৷’’
উল্লেখ্য, সমীৎ থাক্কৰৰ টুইটাৰ একাউণ্টৰ অনুসৰণকাৰীৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো নাম আছে বুলি মিশ্ৰাই জানিবলৈ দিছে৷
চিত্ৰৰ উৎসঃ টুইটাৰ
Dear Friends
Aaditya Thackeray is very upset with tweeples using #BabyPenguin
So Please Don’t Trend This Hashtag.
Thank you pic.twitter.com/kXLSoPV7uD
— Rishi Bagree 🇮🇳 (@rishibagree) July 16, 2020
Here is why #BabyPenguin is trending on Twitter, and why Aaditya Thackeray is called so by somehttps://t.co/Pg1Arg19cQ
— OpIndia.com (@OpIndia_com) July 16, 2020