উত্তৰ পূৰ্বাঞ্চলত জাপি থোৱা সশস্ত্ৰ সেনা বাহিনী বিশেষ আইন চমুকৈ AFSPAৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসম, মণিপুৰ আৰু নাগালেণ্ডৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই বিশেষ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে অসম, মণিপুৰ আৰু নাগালেণ্ডত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ (AFSPA) অধীনৰ এলেকাসমূহ হ্ৰাস কৰা হৈছে। তেওঁ এক টুইটযোগে এই বিষয়ে অৱগত কৰিছে।
In a significant step, GoI under the decisive leadership of PM Shri @NarendraModi Ji has decided to reduce disturbed areas under Armed Forces Special Powers Act (AFSPA) in the states of Nagaland, Assam and Manipur after decades.
— Amit Shah (Modi Ka Parivar) (@AmitShah) March 31, 2022
উল্লেখ্য যে, শেহতীয়াকৈ নাগালেণ্ডৰ মন জিলাত পেৰা কমাণ্ডোৱে সন্ত্ৰাসবাদীৰ সন্দেহত বহু কেইগৰাকী সাধাৰণ নাগৰিকক হত্যা কৰিছিল। এই ঘটনাৰ পিছতে পূৰ্বৰে পৰা আফছপা বাতিলৰ বাবে উত্থাপিত হৈ অহা দাবী আৰু অধিক সৱল ৰূপত উত্থাপন হৈছিল। বিশেষকৈ অসম, মণিপুৰ আৰু নাগালেণ্ডত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ প্ৰত্যাহাৰৰ দাবী প্ৰৱল হৈছিল।