ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ ফলাফল বুধবাৰে ঘোষিত হল আৰু প্ৰত্যাশিত ভাৱেই ৮০খন পৌৰসভাৰ ৭৪খনেই লাভ কৰিলে শাসকীয় দল বিজেপিয়ে৷ এই নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছক ধুলিসাৎ কৰাৰ লগতে মিত্ৰ দল অগপৰ কফিনটো গজাল মাৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হ’ল৷
ৰাজ্যত বিজেপি-অগপৰ মিত্ৰজোঁটৰ চৰকাৰ থকাৰ পাছতো যদি অগপ দলটোৱে এটাৰ বাহিৰে নিজৰ দখলত থকা আন কোনো সমষ্টিত পৌৰসভা গঠন কৰিব নোৱাৰাটোৱে দলটোৰ বৰ্তমানৰ নিশকতীয়া অৱস্থাৰ কথা প্ৰকট হৈ পৰিল। সভাপতি অতুল বৰাৰ বোকাখাত সমষ্টি বাদ দি পৌৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নিজৰ দখলত থকা আন ছটা সমষ্টিতে দলটো পৌৰসভা গঠনৰ বাবে পৰ্যাপ্ত আসন নাপালে ৷
বঙাইগাঁও, তেজপুৰ, দেৰগাওঁ, টীয়ক, আমগুৰি আৰু চাবুৱাত অগপ বিধায়ক থকাৰ পাছতো কিন্তু তাত পৌৰ সভা গঠনত দলটো ব্যৰ্থ হ’ল। অগপৰ দুৰ্গ বুলি জনাজাত আৰু জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ দখলত থকা বঙাইগাঁৱৰ মুঠ ২৫টা ৱাৰ্ডৰ ১৩টা বিজেপিয়ে আৰু এটা কংগ্ৰেছে দখল কৰাৰ বিপৰীতে অগপ জয়ী হৈছে মাত্ৰ ১১খনত৷ প্ৰদীপ হাজৰিকাৰ সমষ্টি আমগুৰিৰ ১০টা ৱাৰ্ডৰ দুটাহে অগপই লাভ কৰে। সেইদৰে টীয়কত ১০ টাৰ তিনিটা, দেৰগাঁৱত ১০ টাৰ দুটা, চাবুৱাত ১০টাৰ দুটা আৰু তেজপুৰতো ১০টাৰ দুটা সমষ্টিহে অগপই লাভ কৰিবলৈ সক্ষম হয়৷
সেইদৰে অগপৰ শক্তিশালী ভেটিৰূপে জনাজাত পাটাছাৰকুছি, পাঠশালা, নাহৰকটীয়া, নগাঁও আনকি জন্মস্থান গোলাঘাটতো বিজেপিৰ হাতত অগপ বিধ্বস্ত হৈছে। কিন্তু ইয়াৰ বিপৰীতে এক ব্যতিক্ৰমী ছবি দেখা গৈছে বৰপেটাত। বিজেপিয়ে পৰ্যাপ্ত ৱাৰ্ড এৰি নিদিয়াৰ প্ৰতিবাদত বৰপেটাত অগপই নিজাকৈ প্ৰাৰ্থী দিছিল৷ অগপৰ বিধায়ক নথকা সত্বেও তাত দলটোৱে বিজেপিতকৈ বেছি আসন লাভ কৰিছে৷ ২২টা ৱাৰ্ডৰ ১১টা অগপই দখল কৰাৰ বিপৰীতে ৯টা ৱাৰ্ড বিজেপিয়ে লাভ কৰিছে৷ অৱশ্যে বিজেপিয়ে টিকেট নিদিয়াৰ প্ৰতিবাদত অগপই নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিয়া অধিকাংশ ৱাৰ্ডতে দলটো পৰাজিত হৈছে৷
উল্লেখ্য যে, মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে বিজেপিয়ে অগপক ১৫০টা ৱাৰ্ড এৰি দিছিল আৰু অগপই নিজাববীয়াকৈ প্ৰাৰ্থী দিছিল ১০৭টা ৱাৰ্ডত। কিন্তু দলটো জয়ী হবলৈ সক্ষম হ’ল কেৱল ৬৫টা ৱাৰ্ডতহে৷ ইমানতেই সন্তুষ্টি লভা অগপৰ সভাপতি অতুল বৰায়ো নিজৰ দলটোৰ উত্তৰণৰ আশা বাদ দিছে যেন হে অনুমান হয়।