সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ৰাজ্যৰ বহু বিধানসভা সমষ্টিৰ দৰে পশ্চিম গুৱাহাটী সমষ্টিৰো চাৰিসীমা আৰু নাম সলনি হৈছে। সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ পাঁচখন গাওঁ পঞ্চায়ত জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিখন গাওঁ পঞ্চায়ত পলাশবাৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। ইফালে সমষ্টিটোৰ নগৰাঞ্চলৰ ১৬ টা ৱাৰ্ডৰ ৮০ শতাংশ অঞ্চলক লৈ নতুনকৈ গঠন কৰা হৈছে চেণ্ট্ৰেল গুৱাহাটী নামৰ এটা সমষ্টি। অৱশ্যে নতুন সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে পূৱ গুৱাহাটী সমষ্টিৰ তিনিটামান ৱাৰ্ড। আনহাতে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক আৰু অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত দলৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে অগপৰ
চেণ্ট্ৰেল গুৱাহাটী বিধান পৰিষদ, মহিলা পৰিষদ আৰু যুৱ পৰিষদ তিনিখন সমিতি গঠন কৰা হয়। এই উপলক্ষে ফটাশিল আমবাৰী শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগনত ১১ জানুৱাৰীৰ দিনা বিয়লিৰ পৰা সন্ধিয়ালৈ অনুষ্ঠিত সভাত নৱগঠিত চেট্ৰেল গুৱাহাটী সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০ জন যুৱক – যুৱতীয়ে আঞ্চলিকতাবাদৰ প্ৰতি আস্থা প্ৰকাশ কৰি অগপ দলত যোগদান কৰে। সভাত দলত নতুনকৈ যোগদান কৰা সকলোকে আদৰণি জনায় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত অসমত অগপক বাদ দি আঞ্চলিকতাবাদৰ কথা কল্পনাই কৰিব বোৱাৰী বুলি ব্যক্ত কৰে আৰু আগন্তক দিনত অসমত চৰকাৰ গঠনত অগপ দলে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। সভাত পৰ্যবেক্ষক হিচাপে অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পিজু ডেকা,প্ৰশান্ত দাস,সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী, ঋষিকেশ শৰ্মা,সঞ্জয় অসমীয়া, ভাৰ্গব শৰ্মা, দীপাংকৰ দাস , গুৱাহাটী পৌৰ নিগমৰ অগপৰ পাৰিষদ ক্ৰমে – দীপাংকৰ বৈশ্য, পূৰবী তালুকদাৰ, কল্পনা দাস আৰু বিজু মেধিৰ উপৰিও কেবাজনো নেতা উপস্থিত থাকে।