চিৰাজুদ্দিন আজমলে অসমীয়া ভাষাক লৈ কৰা অপমানসূচক মন্তব্যক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে AIUDFক অসমীয়া জাতিৰ এটা শত্ৰু দল। তেওঁ কয় AIUDFৰ বাবে অসমত মৌলবাদী ৰাজনীতি বিকশিত হৈছে। অসমীয়া ভাষাক অপমানিত কৰি AIUDFৰ অসমীয়া ভাষাৰ প্ৰতি থকা বিৰূপ আচৰণ প্ৰতিফলিত কৰিছে।
লগতে ৰাজ্যসভা নিৰ্বাচনত AIUDF–এ আটাইতকৈ বেছি গাড্ডাৰী কৰিছে বুলিও কয় অখিল গগৈয়ে। আনহাতে, বিগত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ তিনিজনে আৰু AIUDFৰ সাতজন বিধায়কে বিজেপিক ভোট প্ৰদান কৰিছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।