ৰাজ্যপাল জগদীশ মুখীৰ ভাষণেৰে আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশন। ১ এপ্ৰিললৈ অনুষ্ঠিত হবলগীয়া এই বাজেট অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ উপৰিও ১৬ মাৰ্চত বিত্ত মন্ত্ৰী অজন্তা নেওগে চলিত বৰ্ষৰ বাজেট দাখিল কৰিব। ৩৮ পৃষ্ঠাৰ ভাষণত ৰাজ্যপাল অধ্যাপক মুখীয়ে চৰকাৰৰ প্ৰশংসা কৰে।
ইফালে ৰাজ্যপালৰ ভাষণেৰে অধিৱেশনৰ কাম-কাজ আৰম্ভ হওঁতেই হাতত প্লে কাৰ্ড লৈ ১ লাখ যুৱক-যুৱতীৰ নিযুক্তিৰ দাবীত সদনৰ ভিতৰতে অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে।বাজেট অধিৱেশনৰ প্ৰথম দিনাই অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। মুঠ ১১ কৰ্ম দিন ধৰি চলিব লগীয়া এই বাজেট অধিৱেশনত ১৩ খন গুৰুত্বপূৰ্ণ বিধেয়কৰ লগতে আন কেইবাখনো সংশোধনী বিধেয়ক উত্থাপন কৰিব চৰকাৰে।