- দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।
- দিল্লীৰ অসম ভৱনত হোৱা এই সাক্ষাতৰ সময়ত সমষ্টি উন্নয়নৰ লগতে ৰাজ্যৰ বহু কেইটা বিষয়ৰ ওপৰত আলোচনা কৰাৰ কথা প্ৰকাশ।
- বিধায়ক অখিল গগৈয়ে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পৰা কেইবাটাও প্ৰতিশ্ৰুতি আদায় কৰে বুলি জানিবলৈ দি কয় যে, সাধাৰণ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব শিৱসাগৰৰ প্ৰস্তাৱিত সমবায় বিশ্ববিদ্যালয়খন।
- আনহাতে থাওৰা আৰু শিৱসাগৰ সমষ্টিৰ মাজত মেডিকেল কলেজ স্থাপনৰো প্ৰতিশ্ৰুতি আদায় মুখ্যমন্ত্ৰীৰ পৰা।
- এই আলোচনাতে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠাৰ বাবে অধ্যয়নৰ বাবে ১ কোটি টকা পুঁজি মুকলি কৰি দিয়াৰ কথা প্ৰকাশ।
- ৰংঘৰৰ লাইট এণ্ড ছাউণ্ডৰ ব্যৱস্থাৰ বিষয়টোও স্থান পালে এই আলোচনাত।
- অসম ভৱনত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে বৈঠক অন্ত পৰাৰ পিছতে বিধায়ক অখিল গগৈয়ে সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিলে এই সমূহ তথ্য।