মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ক্ৰমান্বয়ে ঘনিষ্ঠ হৈছে শিৱসাগৰৰ বিধায়য়ক অখিল গগৈ! অখিল গগৈক বিজেপিৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে ৰাইজৰ দল ত্যাগ কৰিছে দলটোৰ কেইবাজনো নেতাই। কেৱল সেইয়াই নহয় ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা পৌৰ নিৰ্বাচনত বিজেপিৰ পৰা ধন লোৱাৰো অভিযোগ উত্থাপন হৈছিল অখিল গগৈৰ বিৰুদ্ধে। পৌৰ নিৰ্বাচন আৰু ইয়াৰ পিছত অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনত অখিল গগৈৰ বিৰুদ্ধে বিজেপিৰ পৰা ধন লোৱাৰ অভিযোগ মুকলিকৈয়ে উত্থাপিত হৈছিল। বিজেপি বিধায়ক মানৱ ডেকাৰ গুৱাহাটীৰ বাসগৃহৰ পৰা অখিল গগৈয়ে ধন লোৱাৰ অভিযোগ তুলিছিল এ আই ইউ ডি এফৰ কৰিমুদ্দিন বৰভূঞাই।
মুখ্যমন্ত্ৰী ড০ শৰ্মাক অখিল গগৈয়ে সাক্ষাৎ কৰাৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে অখিল গগৈ আৰু তেওঁৰ সতীৰ্থই মুখ্যমন্ত্ৰীগৰাকীৰ শিৱসাগৰৰ উন্নয়নৰ বিষয় সন্দৰ্ভত সাক্ষাৎ কৰা বুলি উল্লেখ কৰিছে। উল্লেখ্যে যে শিৱসাগৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে অখিল গগৈয়ে শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ কথা কৈ আহিছে। এই সন্দৰ্ভত তেওঁ অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰাৰ পৰা অসম বিধানসভাত ১০০ কোটি টকাৰ পেকেজৰ প্ৰতিশ্ৰুতিও লাভ কৰিছে।