অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতেই বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া হ’ল বিধায়ক অখিল গগৈক।
বিধানসভাৰ প্ৰশ্নোত্তৰ শিতানত অখিল গগৈয়ে হুলস্থুলীয়া পৰিৱেশনৰ সূচনা কৰাৰ অভিযোগত তেওঁক প্ৰশ্নোত্তৰ শিতানৰ সময়ছোৱাৰ বাবে নিলম্বন কৰা হৈছে। অখিল গগৈক মাৰ্ছেল লগাই উলিয়াই দিয়া হৈছে।