আজি বিধানসভাৰ সদনৰ প্ৰশ্নোত্তৰ কালৰ পৰা মাৰ্চাল লগাই বাহিৰ কৰি দিয়া হয় অখিল গগৈক। অখিল গগৈয়ে পৰিপূৰক প্ৰশ্ন কৰিব বিচাৰিছিল। অধ্যক্ষই ভালদৰে পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিব নিদিয়াৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে।
২৬ হাজাৰ নিযুক্তি পৰীক্ষাত কাছাৰ কলেজৰ প্ৰিন্সিপালক আটক কৰাক লৈ কমলাক্ষ দে পুৰকায়স্থই প্ৰশ্ন কৰি থকাৰ সময়তে অখিল গগৈয়ে ভিক্টৰক কিয় গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰশ্ন কৰাত সদনত এক স্থুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। তাৰ পৰিপ্ৰেক্ষিতত নিয়ম নমনাৰ অভিযোগ তুলি অখিল গগৈক সদনৰ পৰা নিলম্বন কৰা হয়।
অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয়, ‘‘নিয়ম নমনা বিধায়কক মই একো নকওঁ। অখিল গগৈয়ে বিধায়কৰ ভূমিকা পালন কৰক। তেওঁ এতিয়া বিধায়ক, সংগঠনৰ নেতা নহয়। এজন সদস্যৰ বাবে অসমৰ সমস্যা আলোচনা স্থবিৰ হ’ব নোৱাৰে।’’