অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ নেতৃত্বত ৰাজ্যত মাৰাত্মক বৰবিহ সদৃশ ড্ৰাগছৰ বিৰুদ্ধে চলি আছে অভিযান। ইয়াৰ বাবে মুখ্যমন্ত্ৰীক সংবাদমেল যোগে ধন্যবাদ জনাই প্ৰদেশ বিজেপিয়ে। হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাযাৰ্লয় অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদ মেল সম্বোধন কৰি দলৰ মুখপাত্ৰদ্বয় সুভাষ দত্ত আৰু ৰঞ্জীৱ কুমাৰ শমাৰ্ই কয়, শনিবাৰে নগাঁৱত সংঘটিত হোৱা ঘটনাটোৰ উচ্ছ পযাৰ্য়ৰ তদন্ত ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো ৷ লগতে কয়, ‘এই ঘটনাৰ আলম লৈ একাংশ ৰাজনৈতিক ব্যক্তি বিশেষকৈ বিধায়ক অখিল গগৈয়ে কেতবোৰ মনেসজা ভিত্তিহীন আৰু উদ্দেশ্যপ্ৰণোদিত বক্তব্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ক লক্ষ্য কৰি সমালোচনাৰ নামত বিশেষকৈ ড্ৰাগছ মাফিয়া, চোৰাং কাৰবাৰী, গাঞ্জা আৰু আফিং খেতি কৰা মাফিয়াক সুৰক্ষা দিয়াৰ অপচেষ্টাত লিপ্ত হৈছে৷ অখিল গগৈৰ বক্তব্যত এই সুৰ স্পষ্ট। কাৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শমাৰ্ৰ বলিষ্ঠ নেতৃত্বত ১০ মে’ ২০২১ তাৰিখৰ পৰা ১৬ জানুৱাৰী ২০২২ তাৰিখলৈকে সৰ্বমুঠ ১৯৮৫টা গোচৰ পঞ্জীভূত হোৱাৰ লগতে ৩৩৮৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷’ লগতে তেওঁলোকে কয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমে স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে৷ বিশেষকৈ দীৰ্ঘদিন জুৰি বিদ্ৰোহী কাৰ্যকলাপে অসমত বিশেষকৈ ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত বন্ধ দি অহা আলফাই এইবাৰ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ক’ভিড পৰিস্থিতিৰ প্ৰতি বন্ধৰ আহ্বান জনোৱা নাই।