গুৱাহাটী – সম্প্ৰতি কাৰাবাস খাটি থকা কৃষক নেতা অখিল গগৈয়ে ২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব। অৱশ্যে এই কথা কৃষক নেতাগৰাকীয়ে নহয়, আন এগৰাকী যুৱ নেতা শৃংখল চলিহাইহে ঘোষণা কৰিছে। ৰাইজৰ দলৰ আহ্বায়ক শৃংখল চলিহাই কালি শিৱসাগৰত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বিৰোধী এক প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে।
তেওঁ কালি কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে শিৱসাগৰৰ সমষ্টিৰ পৰা ২০২১ বর্ষৰ অসম বিধানসভা নিৰ্বাচনত প্ৰার্থী হিচাপে অংশগ্ৰহণ কৰিব। শিৱসাগৰ সমষ্টিৰ জনগণে তেওঁক বিজয়ী কৰাৰ দায়িত্ব আৰু সংকল্প লৈছে বুলিও তেওঁ কয় ৷
অখিল গগৈ এই মাহতে জেলৰ পৰা মুক্তি লাভ কৰিব বুলি আশাবাদী বুলি উল্লেখ কৰি শৃংখল চলিহাই কয় যে যদি কিবা কাৰণত কাৰাগাৰত বন্দী হৈ থাকে তেন্তে অখিল গগৈয়ে কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিব ৷