চৰকাৰে দিব বিচৰা ১ লাখ চাকৰিৰ বেছিভাগেই হ’ব ঠিকাভিত্তিক আৰু অস্থায়ী। এই মন্তব্য কৰিলে অখিল গগৈয়ে। তেওঁ কয়,
‘মই আজিয়েই এটা ভৱিষ্যৎবাণী কৰি থব বিচাৰিছো । এই যে চৰকাৰে এক লাখ নতুন নিযুক্তি দিয়াৰ কথা কৈ আছে । ইয়াৰে বেছিভাগেই হ’ব ঠিকাভিত্তিক আৰু অস্থায়ী । যদিহে সঁচাকৈ নিযুক্তি হয় । কেইবছৰমানৰ পিছত টেট শিক্ষকসকলৰ দৰে এই নতুনকৈ নিযুক্তি পোৱা সকলেও চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন কৰিব লাগিব’’ ।
শুকুৰবাৰে বিধায়কগৰাকীয়ে আৰু কয় যে, তেওঁ ২০১২ চনতে অনুৰূপ এক ভৱিষ্যৎবাণী কৰিছিল যি এতিয়া সত্য প্ৰমাণিত হৈছে । ‘‘২০১২ চনতে মই কৈছিলো যে, টেট শিক্ষকসকলৰ চাকৰি কেতিয়াও নিয়মীয়া নহয় । তেতিয়াই মই কৈছিলো যে আজি যিসকলে হিমন্ত বিশ্ব শৰ্মাক ভগবান বুলি কৈছে এদিন সেই সকলেই তেওঁক ছয়তান বুলি ক’ব’’ । এয়া অখিল গগৈৰ মন্তব্য ।
অনুৰূপভাৱে ৰাজ্যসভাৰ আসন্ন নিৰ্বাচন প্ৰসংগত মন্তব্য কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ব্লেকমেইলাৰ বুলিও অভিহিত কৰে । বিধানসভাৰ মজিয়াত তেওঁ টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ আৰু অংগনৱাড়ী কৰ্মী আৰু ৰান্ধনীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলন আৰম্ভ কৰিব বুলিও ঘোষণা কৰে ।