আজি পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটদান সাব্যস্ত কৰাৰ পিছত শাসকীয় অথবা বিৰোধী শিৱিৰৰ প্ৰায় সকলো বিধায়কেই নিজ নিজ দলৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰিছে যদিও ৰাজ্যসভাৰ নিৰ্বাচনত এইবাৰ ক্ৰচ ভোট হোৱাৰ আশংকা ঘণীভূত হৈছে। বিজেপিৰ শিৱিৰে দাবী কৰিছে যে, ৬, ৭ জন কংগ্ৰেছী বিধায়কে ভোট দিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক। আনহাতে শাসকীয় পক্ষৰ বিধায়কে অখিল গগৈৰ সন্দৰ্ভতো যথেষ্ট তাৎপর্যপূর্ণ মন্তব্য কৰিছে।
অখিল গগৈয়ে নিজৰ ভোট শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পক্ষত প্ৰদান কৰিলে নেকি বুলিও চৰ্চা চলিছে। কাৰণ,বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে যে,’সন্ধিয়ালৈ আমি চাগে অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ একাংশ বিধায়কক ধন্যবাদ জনাব লাগিব৷ কংগ্ৰেছৰ বহুতৰে হাঁত কঁপিব নিশ্চয়৷ AIUDFৰ ভোট আমাক নালাগেই, কাৰণ AIUDFৰ সৈতে আমাৰ তেল-পানীৰ সম্পৰ্ক৷’
আনহাতে বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৱেও অখিল গগৈৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। দুৰ্গাদাস বড়োৱে কয় যে, ‘জীৱনত প্ৰথমবাৰ বিধায়ক হৈ প্ৰথমবাৰ ভোট দি বেছি জনা দেখুৱাইছে অখিল গগৈয়ে। অখিল গগৈয়ে কাক ভোট দিছে দেখুৱাবলৈ কোনো মানুহ নাই। আটাইতকৈ সন্দেহযুক্ত ভোট কিন্তু আজিৰ দিনটোত অখিল গগৈৰহে। গতিকে সেই সন্দেহযুক্ত মানুহগৰাকীয়ে কাৰোবাক সন্দেহ কৰাতো হাঁহি উঠা কথা।’