কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অসমত ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ বাবে অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰশংসা কৰে। দিল্লীত অনুষ্ঠিত হোৱা এক বৈঠকত নিখিল ভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক প্ৰশংসা কৰে।
Shri @Kharge ji chairs a key meeting of INC General Secretaries,PCC Presidents & CLP leaders at AICC HQ in Delhi.
AICC GS(Org) @kcvenugopalmp ji & @JitendraSAlwar ji greatly appreciated our effort for successfully completing the #BharatJodoYatraAssam. I feel elated and humbled. pic.twitter.com/C2FtRHMM7Z— Bhupen kumar Borah (@BhupenKBorah) December 23, 2022
উক্ত বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত থকাৰ উপৰিও নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক, তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি আৰু বিৰোধী দলপতিসকল উপস্থিত আছিল।
এই বৈঠকত মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চলাই থকা ‘ভাৰত জোড়ো যাত্ৰা’ৰ যাত্ৰাৰ বাহিৰে দেশৰ ভিতৰত কেৱল অসমেই একমাত্ৰ ৰাজ্য, যি ৪৫দিন ধৰি পদযাত্ৰা কৰি ৮৩৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে। তেওঁ অসমৰ নেতৃত্বই জনসাধৰণৰ মাজত শান্তি, ধৰ্মনিৰপেক্ষতাৰ বাণী বিলাই নিবনুৱা সমস্যাৰ দৰে জটিল সমস্যাসমূহক ৰাইজৰ কাষলৈ লৈ যোৱাত সক্ষম হৈছে বুলিও মন্তব্য কৰিছে।