শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিছন সদ্ভাৱনাৰ কাৰ্যসূচীক লৈ দ্বিতীয়বাৰৰ বাবে প্রশাসনিক বিষয়াৰে মত বিনিময় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অহা ১ ফেব্রুৱাৰী পৰা অসমত আৰম্ভ হ’ব সদ্ভাৱনা প্রকল্প। চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক অধিক দায়িত্বশীল হ’বলৈ আহ্বান কৰাৰ লগতে প্রজেক্ট সদ্ভাৱনাত প্রতিগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সহযোগিতা বিচাৰিছে মুখ্যমন্ত্রীয়ে।
কিছু চাকৰিয়ালৰ DP থাকিলে সেই প্রক্রিয়া ৩ বছৰ লাগে। কিন্তু যিটো বিষয় ৬মাহত সম্পূৰ্ণ কৰিব পাৰি তাৰ বাবে ৩ বছৰ কিয় লাগে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। পেঞ্চনৰ কাম কৰ্মচাৰীসকলে নিজেই আগ-ভাগ লৈ কৰিব লাগে, কাৰণ তেওঁলোকৰ সেয়া নিজৰ কৰ্তব্য। এই কাম মুখ্যমন্ত্রীয়ে কিয় কৰিব লাগে বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ? কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা লৈ আহে, কিন্তু পেঞ্চনৰ কথা উল্লেখ নকৰে। তেওঁলোকে কৰ্মচাৰীৰ অৱসৰৰ পিছৰ ফাইল ৰখাই থ’ব নালাগে, সেয়া তেওঁলোকৰ সতীৰ্থৰ কাম। মুখ্যমনত্ৰীয়ে লগতে কয় ‘নিয়ম ভঙাৰ কাম আৰম্ভ হ’লে ফাইলৰ দ’ম হয়। অসমখনত পৰিৱৰ্তন আনিব লাগিব, নহ’লে আমাৰ সন্তানে ভুগিব লাগিব। কেবিনেটত এখন কৰ কমিটী বনাই দিয়া হৈছে। তেওঁলোকে এখন SOP বনাই ২০২৩ৰ ১০মে’ৰ পূৰ্বে পুৰণি ফাইলৰ কাম নিষ্পত্তি কৰিব।
ভবাতকৈ বেছি মানুহে মিছন বসুন্ধৰাত আবেদন কৰিছে আৰু এতিয়া মিছন বসুন্ধৰা-২ৰ কাম আৰম্ভ কৰাৰ লগতে ২০২৩ৰ ১০মে’ৰ পৰা কাগজবিহীন কাম আৰম্ভ কৰা হ’ব হব বুলিও উল্লেখ মুখ্যমন্ত্ৰীৰ।