দেওবাৰৰ দিনটোত মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে বিৰামহীন অভিযানত জপিয়াই পৰিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল৷ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত, পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, কানাই মহন্ত, প্ৰৱৰ্তক পৰিদৰ্শক পদুম বাহাদুৰ লামা, মৰমী পাঠক, মোজাম্মিল হুছেইন আদিৰ লগতে সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি অন্যান্য বিষয়া-কৰ্মীৰ দল পাঁচটা ভাগত বিভক্ত হৈ ৰাতিপুৱাৰে পৰা মহানগৰীৰ পানীখাইটি, ভূটনাথ, আজাৰা, পামহী, তেতেলীয়া, বেতকুছি, সোনাপুৰ আদি কেইবাটাও অঞ্চলৰ ৰাজপথত অতৰ্কিতে ৫০০ৰো অধিক বাহনত তন্নতন্নকৈ তালাচী চলায়।
তালাচীৰ সময়ত কৰ অনাদায়ৰ লগতে নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত ধৰা পৰা বিভিন্ন বিসঙ্গতিত ২০০ৰো অধিক বাহনৰ বিৰুদ্ধে যানবাহনৰ আইনৰ অধীনত ঠিতাতে গোচৰ ৰুজু কৰি দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগত ৮০খন বাহন জব্দ কৰে। উল্লেখ্য যে, বিৰামহীন অভিযানৰ কথা উল্লেখ কৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ বিষয়াগৰাকীৰ মতে ৰাজ্যবাসীৰ সুৰক্ষিত যাতায়তৰ স্বাৰ্থতে পৰিবহণ বিভাগ এতিয়া অন্তহীনভাৱে অভিযানত নামিছে। যাতায়াতৰ ক্ষেত্ৰত প্ৰতিগৰাকী লোককে বিপদমুক্ত অৰ্থাৎ দুৰ্ঘটনামুক্ত পৰিবেশ দিয়াটো বিভাগৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আৰু ইয়াৰ বাবে প্ৰতিখন বাহনৰে নথিপত্ৰসমূহ নৱীকৰণ কৰাৰ লগতে বকেয়াসহ বৰ্তমানৰ সকলো কৰ বাহনৰ গৰাকীয়ে আদায় দিব লাগিব৷
সেয়েহে, নিয়ম ভঙ্গকাৰী বাহনৰ বিৰুদ্ধে যিকোনো ঠাইত যিকোনো সময়ত বিভাগৰ দল অভিযানত নামিছে। আগন্তুক দিনত শনিবাৰ-দেওবাৰকে ধৰি সকলো বন্ধৰ দিনতে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় খোলা থাকিব আৰু যিকোনো লোকে কাৰ্যালয়লৈ আহি যানবাহনৰ কৰ আদায় দিয়াৰ লগতে নথিপত্ৰ নৱীকৰনৰ কাম সমাধা কৰিব পাৰিব। উল্লেখ্য যে, যানবাহনৰ তালাচীৰ সমান্তৰালভাৱে দেওবাৰে বিভাগৰ পংকজ দাস, প্ৰনৱ কলিতা, বদ্ৰুল হুছেইন, হৰদত্ত আদিৰ দলে মহানগৰীৰ কেইবাঠাইতো বিভিন্ন ব্যৱসায়িক বাহনৰ গৰাকী, ব্যক্তিগত উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মানকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হৈ শীঘ্ৰে যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দিয়াৰ লগতে বাহনৰ নথিপত্ৰসমূহ নৱীকৰণ কৰিবলৈ চূড়ান্ত সকীয়নি দিয়ে।