চিৰদিনৰ বাবে নিৰ্বাপিত হ’ব দিল্লী ইণ্ডিয়া গেটস্থিত অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা। আজি বিয়লি ৩-৩০ বজাত নিৰ্বাপিত হ’ব ইণ্ডিয়া গেটস্থিত অমৰ জোৱানৰ জ্যোতিৰ অগ্নিশিখা। এই অগ্নিশিখাক আজিৰে পৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে একেলগ কৰা হ’ব। বিয়লি ৩-৩০ বজাত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে সংলগ্ন কৰা হ’ব অমৰ জোৱান জ্যোতিৰ অগ্নিশিখা।
উল্লেখ্য যে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক দেশৰ বীৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা হৈছে। একেলগে অমৰ জোৱান আৰু ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত একেলগে শিখা জ্বলাই ৰখাটো কঠিন হৈ পৰিছে। দেশৰ বীৰ জোৱানসকলৰ স্মৃতিত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত সকলো শ্বহীদৰ নাম উল্লেখ কৰা হৈছে। ১৯৭২ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সৈনিকসকলৰ স্মৃতিত অমৰ জোৱান জ্যোতিৰ শিখা জ্বলাই ৰখা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৯ চনৰ ২৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক উদ্বোধন কৰিছিল। এই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক নিৰ্মাণৰ বাবে ১৭৬ কোটি টকা ব্যয় কৰিছে।