কৃষি আৰু জলসিঞ্চন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। জলসিঞ্চন অবিহনে কৃষিকৰ্ম বিশেষকৈ শালি ধান খেতিৰ কথা ভাবিবই নোৱাৰি। আনহাতে জলবায়ুৰ পৰিবৰ্তনকে ধৰি বিভিন্ন প্ৰাকৃতিক কাৰণৰ বাবে বৰষুণৰ পৰিমাণ কমি অহাত কৃষক ৰাইজ জলসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল হবলগীয়া হৈছে। এই সময়তে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম মেঘালয় সীমান্তৰ ৰাণীকে ধৰি দাঁতি কাষৰীয়া বৃহত্তৰ অঞ্চলৰ কৃষক ৰাইজক পূৰ্বৰ জলসিঞ্চন আঁচনিখন উন্নীতকৰণ কৰি নতুন উদ্যমৰে পানী যোগান ধৰিবলৈ অভিলাষী আঁচনি গ্ৰহণ কৰিছে অসম চৰকাৰৰ জলসিঞ্চন বিভাগে।
কৃষকক সময়মতে পানী যোগান ধৰিব নোৱাৰাৰ অভিযোগ থকাৰ সময়তে জলসিঞ্চন বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলে মেঘালয়ৰ সীমান্তবৰ্তী ৰাণীত থকা আৰু মেঘালয়ৰ পৰা বৈ অহা বোৱতী কপিলী নৈ’ত বান্ধ দি পানী দুৱাৰৰ ব্যৱস্থা কৰি এক বৃহত্তৰ অঞ্চলত কেনেল নিৰ্মাণ কৰি খেতিপথাৰত পানী যোগান ধৰি আহিছিল।
কিন্তু ২০২১ চনত ষষ্ঠবাৰৰ বাবে পশ্চিম গুৱাহাটীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া – অভিযন্তাসকলৰ সৈতে কেবালানিও বৈঠক অনুষ্ঠিত কৰি কৃষি প্ৰধান ৰাণী অঞ্চলৰ কৃষকৰ জীৱন ৰেখা স্বৰূপ কপিলী আৰু কালমণি জলসিঞ্চন আঁচনি দুখনক উন্নীতকৰণেৰে অধিক মাটিত পানী যোগান ধৰিবলৈ আঁচনি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰি পূৰ্বৰ ৯৫০ হেক্টৰ মাটিত পানী যোগান ধৰাৰ ক্ষমতা থকা কপিলী জলসিঞ্চন আঁচনিখনৰ জৰিয়তে ১৫০০ হেক্টৰলৈ উন্নীতকৰণৰ বাবে আঁচনি গ্ৰহণ কৰা হয়।
তেনেদৰে কালমণি আঁচনিখনৰো পানী যোগান ধৰাৰ বহুখিনী বৃদ্ধি কৰা হয়। বিভাগীয় সূত্ৰই সদৰি কৰা অনুসৰি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ তৎপৰতাত কপিলী আঁচনি উন্নীতকৰণৰ বাবে প্ৰায় ৮ কোটি টকা আৰু কালমণি আঁচনি উন্নীতকৰণৰ বাবে ১.৪২ কৌটি টকা ধার্য কৰা হৈছিল। সেই অনুসৰি বিগত নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা দায়িত্ববাহী ঠিকাদাৰক কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়। উল্লেখযোগ্য যে কৃষি প্ৰধান ৰাণী অঞ্চলৰ কৃষকৰ জীৱন ৰেখা স্বৰূপ দুয়োখন আঁচনি সফল ৰূপায়ণৰ বাবে ৰাইজে পূৰ্বতে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক আহ্বান জনাইছিল।