• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটীৰ দুখন থানাত এম্বুলেঞ্চ সেৱা মুকলি

নিউজ ডেস্ক by নিউজ ডেস্ক
October 25, 2022
in ৰাজনীতি, গুৱাহাটী, সংবাদ
1 min read
0
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটীৰ দুখন থানাত এম্বুলেঞ্চ সেৱা মুকলি
Share on FacebookShare on Twitter

অসমৰ মুখ্যমন্ত্ৰীৰ ‘দুৰ্ঘটনামুক্ত অসম’ৰ সপোনক বাস্তৱ ৰূপ দিয়া আৰু অলপতে কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ সভাত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ ৰূপায়ণ কৰি ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত আক্ৰান্ত লোকক তৎকালে নিকটবৰ্তী চিকিৎসালয়লৈ নিবৰ বাবে জিলা পথ সুৰক্ষা সমিতিৰ আহ্বান মৰ্মে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ে তৎপৰতা আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে দেশৰ আন ৰাজ্যৰ লগতে অসমতো ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। তেনেদৰে বৃদ্ধি পাইছে দুৰ্ঘটনাত আহত – নিহত লোকৰ সংখ্যায়ো। এনে ধৰণৰ ঘটনাক শেহতীয়াভাবে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত আহত লোকক যাতে তৎক্ষণাত নিকটবৰ্তী চিকিৎসালয়ত ভৰ্ত্তি কৰি জীৱন বচাব পাৰি তাৰ বাবে আহত লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে আৰম্ভ কৰিছে নতুন এম্বুলেঞ্চ সেৱা।

মহানগৰীৰ গড়চুক থানাত আনুষ্ঠানিক ভাবে মুকলি কৰা হয় নতুন এম্বুলেঞ্চ সেৱা। প্ৰথম পৰ্যায়ত এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তত্ত্বাৱধানত গড়চুক থানা আৰু সোণাপুৰ থানাৰ পৰা চলিব এই এম্বুলেঞ্চ সেৱা। ইফালে, ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হোৱা লোকৰ সেৱাৰ্থে মুকলি কৰা হয় ১০০৩ নম্বৰৰ এটা নতুন হেল্পলাইন সেৱা । ১০৮ সেৱাৰ উপৰি ৰাইজে এতিয়াৰে পৰা ১০০০ লাভ কৰিব এম্বুলেঞ্চ সেৱা।

আনহাতে এই এম্বুলেঞ্চ সেৱা মুকলি অনুষ্ঠানত উপস্থিত থাকে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) অতিৰিক্ত দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, জিলা পৰিবহণ বিষয়াদ্বয় হিমাংশু কুমাৰ দাস আৰু ৰফিকুল ইছলাম, অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ গুৱাহাটী মহানগৰ পথ চক্ৰৰ অধীক্ষক অভিযন্তা হেমন্ত কুমাৰ ভৰালী , ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ প্ৰকল্প বিষয়া সুৰেশ কুমাৰ, দিছপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিন্ময় নেওগ, মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্তদ্বয় মনোজ লহকৰ আৰু অনুপজ্যোতি বৰাকে ধৰি কেবাজনো আৰক্ষী বিষয়া, পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ যানবাহন পৰিদৰ্শক জয়ছিং ৰংফাৰ, প্ৰৱৰ্তক পৰিদৰ্শক নিতু চেতিয়াকে ধৰি উপস্থিত থাকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়ববীয়াসকল। আনহাতে এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা মতে ভাৰত চৰকাৰৰ নিয়মানুসৰি ৰাষ্ট্ৰীয় ঘাইপথত ৫০ কিঃমিঃ দূৰত্বৰ মূৰে মূৰে দুৰ্ঘটনাত আহত লোকক তৎকালীনভাবে নিকটৱৰ্তী চিকিৎসালয়লৈ নিবৰ বাবে একোখনকৈ এম্বুলেঞ্চ থাকিব লাগে। এতিয়া এই অসুবিধা সামান্য হলেও দূৰ হব বুলি গৌতম দাসে আশা ব্যক্তিকৰে। ইফালে পথ দুৰ্ঘটনা ৰোধৰ বাবে গড়চুক থানাত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে জিলা পথ সুৰক্ষা সমিতিয়ে ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ , লোকনির্মাণ পথ বিভাগকে ধৰি পথ সুৰক্ষাৰ লগত জড়িত বিভাগ – কৰ্তৃপক্ষৰ সহযোগত তিনি সপ্তাহৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চল সমূহ চিনাক্তকৰণৰ বাবে যুটীয়াভাবে এক জৰীপ চলাব।

Previous Post

ভয়াবহ ৰূপত ছিট্ৰাং

Next Post

নাহৰলগুন থানাৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

নাহৰলগুন থানাৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰাকলৈ আছুৰ প্ৰতিবাদ!

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰাকলৈ আছুৰ প্ৰতিবাদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8