আগন্তুক দূৰ্গা পূজাৰ পাছতেই অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাটো ইতিমধ্যে নিশ্চিত হৈছে৷ তেওঁ গুৱাহাটীৰ বশিষ্ঠত নিৰ্মাণ কৰা বিজেপিৰ নতুন ৰাজ্যিক কাৰ্যালয়টো মুকলি কৰাৰ লগতে গুৱাহাটীৰ খানাপাৰাত এখন দলীয় সভাতো ভাগ ল’ব৷
আনহাতে গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও। তেওঁ দলীয় কৰ্মীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।