পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-প্ৰত্যুত্তৰ অব্যাহত।
আজি গৃহমন্ত্ৰী আৰু বিজেপি নেতা অমিত শ্বাহে কোচবিহাৰত কৰিলে ৰেলী।
ৰেলীৰ সময়ছোৱাত তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা TMCৰ অধ্যক্ষ মমতা বেনাৰ্জীক লক্ষ্য কৰি লয়।
তেওঁ ক’লে, ”পশ্চিমবংগৰ পৰিৱেশ এনেকুৱা কৰি দিছে যে তাত জয় শ্ৰী ৰাম কোৱাটো যেন এক অপৰাধহে।
মমতা দিদি পশ্চিমবংগত জয় শ্ৰী ৰাম নকয় পাকিস্তানত ক’ব লাগে নেকি?
ভাতৃ-ভগ্নীসকল জয় শ্ৰী ৰাম ক’ব লাগে নে নালাগে?
ইয়াৰ পিছত ৰেলীত অহা লোকসকলৰ দ্বাৰা জয় শ্ৰী ৰামৰ ধ্বনি দিয়ালে।
তেওঁ লগতে ক’লে, ”মমতা দিদিক এয়া অপমান যেন লাগে।
সমগ্ৰ দেশ আৰু পৃথিৱীত থকা কোটি কোটি লোক আমাৰ আৰাধ্য শ্ৰীৰামক স্মৰণ কৰি গৰ্বিত হয়।
কিন্তু আপোনাৰ সমস্যা হয়। কাৰণ আপুনি তুষ্টীকৰণ কৰি এটা শ্ৰেণীৰ বিশেষ ভোট আপোনাক লাগে।
কিয় এওলোকৰ ভোট(ভিৰৰফালে ইংগিত দি) নালাগে?
মই আপোনাক কও যে নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে দিদিও জয় শ্ৰী ৰাম ক’ব।”
শ্বাহে ক’লে, ”তৃণমূল কংগ্ৰেছৰ ‘‘গুণ্ডাই’’পশ্চিমবংগত বিজেপিৰ শাসন আহিবলৈ কোনোৱে বাধা দিব নোৱাৰে।
তেওঁ ক’লে যে, ‘পৰিৱৰ্তন যাত্ৰা’ মুখ্যমন্ত্ৰী, বিধায়ক বা মন্ত্ৰীসকলক পৰিৱৰ্তন কৰিবলৈ নহয়, এয়া অনুপ্রৱেশকাৰীক বাধা দিবলৈ।
অমিত শ্বাহে ক’লে যে বিজেপিৰ ‘পৰিৱৰ্তন যাত্ৰা’ৰ লক্ষ্য ‘পেহী-ভতিজা’ (মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জী)ৰ ভ্ৰষ্টাচাৰ শেষ কৰিব লাগে।
Photo: Google