গুৱাহাটী – ৰাজ্যৰ ৰাজনীতিত লাহে লাহে খোপনি পুতিবলৈ সক্ষম হোৱা এআইইউডিএফৰ মূৰব্বী বদৰুদ্দিন আজমলে অংশগ্ৰহণ কৰা এখন সভাত আৰি দিয়া এখন আৰবী ভাষাৰ বেনাৰৰ প্ৰসঙ্গ বিজেপিলৈ বদৰুদ্দিন আজমলৰ দৰদৰ এক বিশেষ দিশ উন্মোচন কৰিছে। ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচন আৰু ২০২১ নিৰ্বাচনৰ এটা ব্যাপক সংযোগ আছে এই ঘটনাৰ সৈতে।
গোৱালপাৰাৰ এখন সভা। এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল বহি আছে এইখন সভাত। পিছফালে এখন বেনাৰ লগোৱা হৈছে আৰবী ভাষাত। বদৰুদ্দিন আজমলে কেতিয়াও তেওঁৰ সভাত, বিশেষকৈ অসমত অনুষ্ঠিত সভাত আৰবী ভাষাৰ বেনাৰ তেওঁ কেতিয়াও লগোৱা নাছিল। অৱশ্যে এই ঘটনাৰ পিছত বদৰুদ্দিন আজমলে ভাৱালেশহীনভাৱেই কৈ দিছে যে তেওঁ হেনো গমেই পোৱা নাছিল পিছফালে কি বেনাৰ লাগি আছে।
উল্লেখযোগ্য যে বদৰুদ্দিন আজমলৰ সেই বিশেষ সভাখন অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেটৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণৰ পিছত। বিটিএডিত যিবোৰ ছাইনবোৰ্ড লগোৱা হ’ব তাত বড়ো ভাষাৰ লগতে অসমীয়া ভাষায়ো সমানে মর্যাদা পাব বুলি ৰাজ্যিক কেবিনেটে ঘোষণা কৰাৰ এদিন পিছতে অনুষ্ঠিত হৈছিল বদৰুদ্দিন আজমলৰ এই সভা৷
এই কথাই স্পষ্ট কৰি দিছে এইবাৰৰ নির্বাচনত বিজেপিয়ে অসমীয়া ভাষাক এটা ইছ্যু হিচাপে ব্যৱহাৰ কৰিব। অসমত যি সময়ত বিজেপিয়ে অসমীয়া ভাষা ৰক্ষাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে, একে সময়তে আজমল আৰু এআইইউডিএফে অসমত আৰবী ভাষাৰ প্ৰচলন কৰিব বিচাৰিছে – এই সমগ্ৰ বিষয়টোৱে কাক বেছি লাভৱান্বিত কৰিব? নিশ্চিতভাৱে বিজেপিক!
গতিকে বিজেপিক নিৰ্বাচনৰ আগে আগে বিতৰ্কৰ এটা ‘ইছ্যু’ দিবৰ বাবেই বদৰুদ্দিন আজমলে সম্পূর্ণ পৰিকল্পিতভাৱে এই কামটো কৰিছে। যোৱাবাৰৰ শৰাইঘাটৰ শেষ ৰণ বিষয়টো এতিয়া পুৰণি হ’ল। এতিয়া আহিছে ‘সভ্যতাৰ সংঘাত’ ভাষাৰ সংঘাত, লাভ জিহাদ ইত্যাদি ইত্যাদি। ড. শর্মাৰ এই নতুন ইছ্যুটোক প্ৰতিষ্ঠা কৰিবৰ বাবেই বিজেপিৰে যে এক ভিতৰুৱা বুজাবুজিৰে আজমলে এই আৰবী বেনাৰৰ কামটো কৰিছে সেয়া স্পষ্ট হৈ পৰিছে।
স্মৰ্তব্য যে ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বেও একেই কাম কৰিছিল বদৰুদ্দিন আজমলে৷ এক বিতৰ্কিত মন্তব্য তেওঁ তেতিয়াও কৰিছিল। বৰপেটাৰ বাঘবৰত অনুষ্ঠিত এখন সভাত তেওঁ কৈছিল, ‘মোদী গুৱাহাটীলৈ আহি হিন্দুক একত্ৰিত কৰিছে, গতিকে আমি মুছলমানো একত্ৰিত হ’ব লাগে’। যিটো পিছলৈ নিৰ্বাচনত বিজেপিৰ প্ৰধান অস্ত্ৰ হৈ পৰিছিল আৰু কাৰ্যতঃ বিজেপি শাসনলৈ আহিছিল৷ সেইবাৰো কংগ্ৰেছ দলৰ প্ৰায় সমপৰ্যায়ৰ শক্তিশালী আছিল আজমল দল। তাৎপৰ্যপূৰ্ণভাৱে ২০১৬ৰ সেই সভাখনো মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল জড়িত হৈ থকা সংবাদ প্ৰতিষ্ঠানটোৱে বাঘবৰৰ পৰা সম্প্ৰচাৰ কৰিছিল৷ আৰু এইবাৰো গোৱালপাৰাৰ সেই বিতৰ্কিত বিশেষ সভাখনৰ বাতৰিটো প্ৰথমে এইটো সংবাদ প্ৰতিষ্ঠানেই সম্প্ৰচাৰ কৰিছে।
গতিকে এই সমগ্ৰ বিষয়টো যে ইচ্ছাকৃতভাৱে সৃষ্টি কৰা এটা বিষয়, যিয়ে বিজেপিক অনাগত নিৰ্বাচনত সহায় কৰিব সেয়া নিশ্চিত হৈ পৰিছে। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে হেডলাইন৮ ৰ এক বিশেষ সাক্ষাৎকাৰত আজমলৰ সৈতে বিজেপিৰ গোপন সম্পৰ্কৰ কথা উল্লেখ কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আজমলৰ সম্পৰ্কৰ বিষয়েও কৈছিল ৰকিবুল হুছেইনে।