নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা পশ্চিমবংগত বাজি উঠিছে নিৰ্বাচনী ৰণডংকা।
ইয়াৰ পেৰিপ্ৰেক্ষিততে বিজেপিৰ পক্ষত প্ৰচাৰ অভিযান চলাবলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ পশ্চিমবংগৰ মালদাত উপস্থিত হৈছেগৈ।
যোগী আদিত্যনাথে মমতা বেনাৰ্জীৰ চৰকাৰখনক কেইবাটাও প্ৰসংগত ঘেৰাও কৰাৰ চেষ্টা চলায়।
পশ্চিমবংগৰ মালদাত এখন জনসভা সম্বোধন কৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক’লে, আজি যেতিয়া পশ্চিমবংগত অৰাজকতা আৰু বেয়া পৰিৱেশ দেখা পোৱা যায় তেতিয়া সমগ্ৰ দেশে কষ্ট পায়।
বৰ্তমান পশ্চিমবংগত দাৰিদ্ৰতা আৰু বেয়া পৰিৱেশ সৃষ্টি হৈ আছে।
পশ্চিমবংগত কেন্দ্ৰ চৰকাৰৰ কল্যাণকাৰী আঁচনিসমূহ বলবৎ কৰোৱা নহয়।
তেওঁ ক’লে যে, পশ্চিবংগত ক্ষমতা প্ৰায়োজিত অপৰাধ আৰু সন্ত্ৰাসবাদে কেৱল ইয়াৰ সুৰক্ষাৰ সন্মুখত সংকটৰ সৃষ্টি কৰা নাই, দেশৰ সুৰক্ষাৰ ওপৰতো প্ৰত্যাহ্বান আহিছে।
বৰ্তমান পশ্চিমবংগৰ দুৰ্গাপূজাত সীমাবদ্ধ কৰা হৈছে। ঈদত জোৰ কৰি গো হত্যা আৰম্ভ কৰা হৈছে।
যোগীয়ে লগতে ক’লে যে, পূৰ্বে উত্তৰ প্ৰদেশৰ যুৱপ্ৰজন্ম কৰ্মসংস্থাপনৰ বাবে পশ্চিমবংগলৈ আহিছিল।
বৰ্তমান পশ্চিমবংগৰ যুৱপ্ৰজন্ম কৰ্মসংস্থাপনৰ বাবে দিল্লী আৰু উত্তৰ প্ৰদেশলৈ যায়।
প্ৰৱঞ্চনাৰে ইয়াত লভ জেহাদৰ ঘটনা বৃদ্ধি কৰা হৈছে।
আমি উত্তৰ প্ৰদেশত ইয়াৰ ওপৰত আইন বলবৎ কৰিছো।
তেওঁ অভিযোগ উত্থাপন কৰে যে, বৰ্তমান পশ্চিমবংগত জয় শ্ৰী ৰাম ধ্বনি নিষেধাজ্ঞা প্ৰদান কৰা হয়।
যিসকল ৰামদ্ৰোহী সেইসকলৰ ভাৰতত আৰু পশ্চিমবংগত কোনো কাম নায়।
আমি প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব।
পশ্চিমবংগত ৮টা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
Photo: Google