এইবাৰ বিহুৰ সুৰত বিজেপিৰ জয়গান গাই প্ৰচাৰ চলাইছে আঙুৰলতাই । বৰ্তমান তুংগত উঠিছে এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ শাসক-বিৰোধী উভয়ে ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে । গুৱাহাটীৰ ৬০ টা ৱাৰ্ডত বলিছে এতিয়া নিৰ্বাচনী প্ৰচাৰৰ গৰম বতাহ ।এই প্ৰচাৰৰ মাজতে নাচি-বাগি, গীত গাই তথা অভিনয় কৰি ৱাৰ্ডে ৱাৰ্ডে ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াসত অৱতীৰ্ণ হৈছে আঙুৰলতা ।
উল্লেখনীয়ভাৱে মঙলবাৰেও দক্ষিণৰ জনপ্ৰিয় ছবি ‘পুষ্পা’ৰ ঝুকেগা নেহি ডাইলগৰ লগতে গীত-নৃত্য পৰিৱেশন কৰি বিজেপি প্ৰাৰ্থীৰ হৈ বিভিন্ন ৱাৰ্ডত প্ৰচাৰ চলাই আঙুৰলতা ডেকাই । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে,বিজেপি ঝুকেগা নেহি । মহানগৰীৰ গোটেই কেইটা ৱাৰ্ডত বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি উল্লেখ কৰে তেওঁ ।