এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ গ্ৰেড-এ আৰু গ্ৰেড-বিৰ সকলোবোৰ পদৰ পৰীক্ষা অনুষ্ঠিত কৰিব এপিএছচিয়ে- ৰবিবাৰে অনুষ্ঠিত হোৱা কেবিনেটৰ অন্তত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয় যে, এতিয়াৰে পৰা ল’ৰা-ছোৱালী বোৰে এবাৰ পঢ়িলেই হ’ল। এবাৰতেই হ’ব সকলো পৰীক্ষা। ৰাজ্য চৰকাৰৰ ৪৮ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব এতিয়া এপিএছচিৰ হাতত।