ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় মাহ। এই আঁচনিৰ জৰিয়তে আৰ্থিক ভাৱে পিছপৰা মহিলাসকলক লাভাম্বিত কৰাৰ উদ্দেশ্যে আজিৰে পৰা এমাহ ধৰি হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষাকাৰী দলে নিকা ভাৱে হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসংগিক তথ্যসমূহ অন্তৰ্ভুক্ত হৈছে নে নাই তাৰ পৰীক্ষা চলাব।
জনতা ভৱনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু আন ১৫ জন মন্ত্ৰীয়ে ১৫ খন জিলাত এই কাৰ্যসূচী আৰম্ভ কৰিছে। সেই অনুসৰি হাইলাকান্দিত পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জত বিমল বৰা, কাছাৰত জয়ন্ত মল্ল বৰুৱা, হোজাইত কেশৱ মহন্তৰ উপস্থিতিত এই কাৰ্যসূচীৰ আৰম্ভ হৈছে।
একেদৰে নগাওঁ জিলাত অতুল বৰা, ওদালগুৰি জিলাত উৰ্খাও গৌৰা ব্ৰহ্ম, কামৰূপত চন্দ্ৰ মোহন পাটোৱাৰী, তামুলপুৰত সঞ্জয় কিষাণ, নলবাৰীত নন্দিতা গাৰ্লোছা, বাক্সাত যোগেন মহন, বঙাইগাঁৱত ৰণজিত কুমাৰ দাস, বৰেপটাত ৰণোজ পেগু, মৰিগাঁৱত পীযুষ হাজৰিকা, শোণিতপুৰত অজন্তা নেওগ আৰু ধুবুৰীত অশোক সিংহলে এই আঁচনিৰ শুভাৰম্ভ কৰিব।
Live: Addressing Press on " Orunodoi and Direct benefit transfer of financial assistance R.G(Flood) release programme at CMO, Janata Bhawan, Dispur https://t.co/OhC8Zi2TDz
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 20, 2022
উল্লেখ্য যে অৰুণোদয় আঁচনিয়ে ৰাজ্যত বৰ্তমানলৈকে প্ৰায় ২০ লাখ হিতাধিকাৰীক সামৰি লৈছে। প্ৰতিমাহে ১০ তাৰিখে প্ৰতিগৰাকী হিতাধিকাৰীয়ে ১০০০ টকাকৈ পোনপটীয়াকৈ তেওঁলোকৰ বেংকৰ একাউণ্টত লাভ কৰে। অৱশ্যে ৰাজ্য চৰকাৰে এই ধন ১০০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰিছে।
আনহাতে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলে স্ব-ইচ্ছাৰে নিজৰ নাম এই আঁচনিৰ পৰা কৰ্তন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিসকল হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ ধনৰ প্ৰয়োজন নাই তেওঁলোকে orunodoi.in প’ৰ্টেলৰ জৰিয়তে অথবা জিলা উপায়ুক্ত, চক্ৰ বিষয়াৰ কাৰ্যালয় আদিত আবেদন দাখিল কৰি নিজৰ নাম কৰ্তন কৰিব পাৰিব।