আবকাৰী নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নাপালে সকাহ। তেঁওৰ ন্যায়িক জিম্মাৰ ম্যাদ ২০ আগষ্টলৈ বৃদ্ধি কৰে দিল্লীৰ এখন আদালতে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে যোৱা ২৬ জুনত চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক। সম্প্ৰতি তিহাৰ জে’লত বন্দী হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।