আন্ত:ৰাজ্যিক সীমা বিবাদকলৈ চুবুৰীয়া ৰাজ্যসমূহৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে এইবাৰ পুনৰ আগ্ৰাসী ৰূপ ধাৰণ কৰিছে অৰুণাচলে৷ এইবাৰ অসমৰ ধেমাজি জিলাৰ মিংমাংৰ সীমান্তৱৰ্তী ভূমিত পথ নিৰ্মাণ কৰাকলৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৷ সন্ধিয়া অসম-অৰুণাচল প্ৰদেশৰ ধেমাজি জিলাৰ গোগামুখৰ সীমান্তৱৰ্তী হিমেবস্তিত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ উক্ত ঠাইত মিংমাং, বদতি, পাহাৰপুৰ, ধৰ্মপুৰ, কৈলাশপুৰ, নলবাৰীৰ ৰাইজে অৰুনাচল চৰকাৰে নিৰ্মাণ কৰা পকীপথ নিৰ্মানৰ কাম বন্ধ কৰি কেম্প জ্বলাই দিয়াৰ লগতে কালভাৰ্ট এটা ভাঙি জুই লগাই দিয়াত বৃহস্পতিবাৰে তীব্ৰ উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় ৷
আনহাতে, অৰুণাচলে নিৰ্মাণ কৰা পথ অসমৰ ৰাইজে বন্ধ কৰি দিয়াৰ পাছত ক্ষুন্ন হৈ অৰুণাচলী লোকে অসমৰ ৰাইজক উদ্দেশ্যি ৫ জাই গুলি ফুটাই পৰিৱেশ অধিক তীব্ৰ উত্তেজনাময় কৰি তোলে ৷ অৱশ্যে অৰুণাচলীৰ উক্ত গুলীচালনাত কোনো লোক হতাহতি হোৱা নাই ৷ উল্লেখ্য যে, ইটানগৰৰ পৰা লিকাবালি সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক য়োজনাৰ অধীনত নিৰ্মাণ হৈ থকা পথটিকলৈ দুই ৰাজ্যৰ মাজত লাগিছে সংঘাট। উক্ত পথটিকলৈ ইতিমধ্যে দুয়োখন ৰাজ্যৰ ৰাইজে বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰি আহিছে যদিও আজি পৰ্যন্ত এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহন কৰাৰ ক্ষোভ ৰাইজৰ মাজত বৃহস্পতিবাৰেও তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিয়ে গা কৰি উঠিছে৷ সীমা বিবাদৰ সন্দৰ্ভত অসম চৰকাৰে -অৰুনাচল চৰকাৰৰ লগত শীঘ্ৰে আলোচনা কৰি সীমা বিবাদৰ সমস্যা সমাধান নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব ৷ ইফালে অসম-অৰুণাচল সীমান্তৰ হিমে বস্তীৰ প্ৰৱেশদ্বাৰত হাটে হাটে লাঠি, দা ধনু-কাড় লৈ সস্তম অৰুণাচলী। প্ৰশাসনক প্ৰৱেশত নিষেধাজ্ঞা অৰুনাচলী লোকৰ।