অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিক লৈ গঠন কৰা হৈছে আঞ্চলিক সমিতিখনৰ প্ৰথমখন অধিৱেশন আজি শোণিতপুৰ জিলাৰ বালিপাৰাত অনুষ্ঠিত হয়। বৈঠকত অসম চৰকাৰৰ জনসংযোগ, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা মাটুং, বিধায়ক বিউৰাম ৱাহগে, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বৰছলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, প্ৰমোদ বৰঠাকুৰৰ লগতে অসম আৰু অৰুণাচল চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ উপস্থিত অনুষ্ঠিত হোৱা এই বৈঠকত শান্তিপূৰ্ণ ভাৱে দুয়োখন ৰাজ্যৰ পুৰাতনীয়া সমন্বয়-সম্প্ৰীতিক সন্মান জনাই অতি ইতিবাচক ভাৱে সীমা সমস্যা দূৰ কৰা সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ্য যে, ছেপ্টেম্বৰ মাহৰ ২ আৰু ৩ তাৰিখে কিছু সমস্যা আৰু সন্দেহৰ আৱৰ্তত থকা দীকলমুখ, বালিচ’, দিপীক আৰু পাচ’ এই চাৰিওখন গাওঁ সমিতিৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰি এটি প্ৰতিবেদন প্ৰস্তুত কৰাৰ সিদ্ধান্ত এই বৈঠকতে লোৱা হয়।
During today's Regional Committee meet of Assam & Arunachal Pradesh,I was delighted to exchange words on both states' development with Hon'ble Min. Shri Mama Nutung & Hon'ble MLA Shri Biyuram Wahge. in presence of Hon'ble MP Shri @pallablochandas & other respected Assam MLAs. pic.twitter.com/6XP0M4MY1w
— Pijush Hazarika (Modi ka Parivar) (@Pijush_hazarika) August 22, 2022
বৈঠকৰ অন্তত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে ইতিবাচক ভাৱে, দুয়ো ৰাজ্যৰ আন্তৰিক প্ৰয়াসত ৰাজ্য দুখনৰ সীমা সমস্যাক সমাধান কৰিবলৈ সৰ্মথ হ’ব বুলি আশা প্ৰকাশ কৰে।