বুধবাৰে বিয়লি ৩ বজাত ২০২২-২৩ বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷ উল্লেখ্য যে, ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট আবেলি তিনি বজাত বিত্ত মন্ত্ৰীয়ে দাখিল কৰে ।
এই বাজেটত স্বাস্থ্য, শিক্ষা, হিতাধিকাৰী আঁচনিক অধিক গুৰুত্ব দিয়াৰ সম্ভৱনা আছে। এই বাজেটক লৈ সকলো এতিয়া আশাবাদী ।
বৰ্তমান পৰ্যন্ত বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে, কৰ্কট ৰোগৰ চিকিৎসালয় সন্দৰ্ভত কিছু তথ্য আগবঢ়ায় । লগতে ৭ খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব বুলি প্ৰকাশ কৰে । লগতে অসমৰ বিভিন্ন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা প্ৰকাশ কৰে ।