সহায় অসম নামৰ এটা বেচৰকাৰী সংস্থাই RTI যোগেৰে অসম চৰকাৰৰ হেলিকপ্টাৰৰ নামত কৰা খৰচৰ তথ্য ফাদিল কৰিছিল। সহায় অসমৰ কৰ্মী জগদীশ মহন্তই এইবাৰ আবেদন কৰা অন্য এখন RTIত প্ৰকাশ পাইছে ৰাজ্য চৰকাৰে বিজ্ঞাপনৰ নামত কৰা খৰচৰ হিচাব।
অসম চৰকাৰে বিগত ২০২১-২২ বৰ্ষত বিজ্ঞাপনৰ নামত ৫৯,৯৯,৯১,৫০০ টকা খৰচ কৰিছে। ইয়াৰোপৰি হৰ্ডিং লগোৱাৰ নামত ৭,৭৫,৯৬,০৬৮ টকা খৰচ কৰিছে। ৰাজ্যৰ ৰাজভৰাল উদং হৈ থকাৰ সময়ত, ৰাজ্য চলাব নোৱাৰি হাজাৰ হাজাৰ কোটি টকা ধাৰ লব লগা পৰিস্থিতিত কেৱল বিজ্ঞাপনৰ নামত এনেদৰে বৃহৎ পৰিমাণৰ চৰকাৰী ধন খৰছ কৰাত সকলোৰে চকু কপালত উঠিছে।