অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছে গুৱাহাটীত বুধবাৰে এখন দলটোৰ যোগদান সভাৰ আয়োজন কৰিছুল। উক্ত সভাত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় নেতা তথা সাংসদ অভিষেক বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছলৈ নতুনকৈ যোৱা দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ লগতে দলটোৰ সৰু-বৰ নেতাসকল। এই সভাখনতে বিতৰ্কিত লেখিকা শিখা শৰ্মাইও যোগদান কৰে।
মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা এক অনুষ্ঠানত অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে শিখা শৰ্মাই। দলটোত যোগদান কৰিয়েই প্ৰত্যাশিত ভাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে নেত্ৰীগৰাকী।
শিখা শৰ্মাই প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা ভাষাৰে সমালোচনা কৰি কয় যে, ‘বিজেপি চৰকাৰ অহাৰ পৰাই অসমখন ৰসাতলে গ’ল। অসমীয়াৰ আৱেগ অনুভূতিৰ লগত খেলা কৰা, দূৰ্দান্ত এজন অসম ধ্বংসকাৰী মানুহ হিমন্ত বিশ্ব শৰ্মা। স্বেচ্ছাচাৰী শাসন, নিবনুৱাক প্ৰতাৰণা আৰু ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাক মই সদায়ে বিৰোধ কৰি আহিছো।’ লগতে অহা ২০২৬ চনত তৃণমূল কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে বিতৰ্কিত লেখিকাগৰাকীয়ে।