বুধবাৰে কেন্দ্ৰীয় কেবিনেটে জনজাতিকৰণ সন্দৰ্ভত গ্ৰহণ কৰে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তামিলনাডু, কৰ্ণাটক, ছত্তীশগড়, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ একাধিক জনজাতিক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।বৈঠকৰ পাছত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয় যে ছত্তীশগড়ৰ ১২ টা জনগোষ্ঠীক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। এই দাবী বিগত ১৫ বছৰ ধৰি উত্থাপন হৈ আহিছিল।
অন্যহাতে হিমাচল প্ৰদেশত চিৰমৌৰ জিলাৰ ট্ৰেন্স-গিৰি অঞ্চলৰ হাট্টী সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব আৰু ইয়াৰ বাবে প্ৰায় ১.৬ লাখ লোক লাভান্বিত হ’ব। তামিলনাডুৰ নাৰিকোৰাভান আৰু কুৰিভিক্কৰণ সকলক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৯৬৫ চনৰ পৰা এই দাবী উত্থাপন হৈ আহিছিল। ইয়াৰোপৰি কৰ্ণাটকৰ কাদু কুৰুবাৰ অৰ্থাত বেট্টা-কুৰুবক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উল্লেখ্য যে, চৰকাৰে এতিয়া ৫ খন ৰাজ্যৰ অনুসূচীত জনজাতিৰ তালিকা সংশোধনৰ বাবে পৃথক পৃথক বিধেয়ক উত্থাপন কৰিব। বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত নতুনকৈ অন্তৰ্ভুক্ত সকলে চৰকাৰী আঁচনিৰ অধীনত লাভালাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।
উল্লেখ্য যে, অসমৰ ৬ জনগোষ্ঠীক লৈ লোৱা নহ’ল কোনো ধৰণৰ সিদ্ধান্ত। সূদীৰ্ঘ দিন ধৰি চলি থকা আন্দোলনৰ পাছতো পুনৰ বঞ্চিত হ’ল অসমবাসী, পূৰণ নহ’ল জনজাতিকৰণৰ দাবী।