ৰাজ্যিক সীমা বিবাদে অশান্তি বিয়পোৱাৰ লগতে উন্নয়ন প্রক্রিয়াতো ব্যাঘাত জন্মায়। গতিকে সীমা সমস্যাৰ স্থায়ী সমাধান অতি জৰুৰী। অৱশেষত ‘দিয়া আৰু লোৱা’ নীতিৰ আধাৰত অসম-মেঘালয়ৰ সীমা বিবাদ নিষ্পত্তি কৰিব খোজা হৈছে বুলি চৰকাৰে দাবী কৰিছে। সেইমৰ্মে তিনি আঞ্চলিক সমিতিৰ অনুমোদনৰ ভিত্তিত অসম মেঘালয়ৰ মুখ্যমন্ত্ৰী পৰ্যায়কে ধৰি বহু আলোচনা-বিলোচনাৰ অন্তত বিবদমান ১২ টা এলেকাৰ ৬ টাৰ ক্ষেত্ৰত সমাধান সূত্ৰ উলিয়াইছে।
অৱশ্যে এই সূত্ৰ কিমানদূৰ সফলকাম হয়, সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব। অসম চৰকাৰে ইয়াক ‘দিয়া আৰু লোৱা ব্যৱস্থা বুলি সন্তুষ্টি লভিছে যদিও চৰ্চা হোৱা মতে হাঁহিম, পিলিংকাটা গিজাং, বকলাপাৰা, তাৰাবাৰী আৰু ৰাতাচেৰাৰ বিবদমান ৩৬.৭৯ বর্গকিলোমিটাৰ ভূমিৰ প্ৰায় আধা অংশ অর্থাৎ ১৮.২৮ বর্গকিলোমিটাৰ মেঘালয়ক গতাই দিব। অসমৰ দখলত থাকিব কেৱল ১৮:৫১ বর্গকিলোমিটাৰ। ইতিমধ্যে উভয় ৰাজ্যৰ কেবিনেটে এই সমাধান সূত্রত অনুমোদন জনোৱাৰ পিচত দুই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিছে।
আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ যিহেতু কেন্দ্ৰীয় চৰকাৰৰ বিষয়, সেয়ে কেন্দ্রই ছীল-মোহৰ মৰাৰ পিচতেই চূড়ান্ত ৰূপ ল’ব। ২৬ জানুৱাৰীৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ লগত এই বিষয়টো সন্দৰ্ভত আকৌ এবাৰ বৈঠকত বহিব দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী। টুইটাৰ যোগে এই কথা সদৰি কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। মন কৰিবলগীয়া যে, অসম চৰকাৰে ৬ টা এলেকাৰ বিবাদ নিষ্পত্তিৰ বিষয়টো কেবিনেটত গ্ৰহণ কৰাৰ আগদিনা মুখ্যমন্ত্ৰীয়ে সর্বদলীয় আৰু ছাত্র সংগঠনেৰে নিয়মমাফিক বৈঠকো অনুষ্ঠিত কৰে। সেই বৈঠকত বিৰোধী নেতা আৰু ছাত্ৰ প্রতিনিধিসকলে দিয়া বক্তব্যলৈ কর্ণপাত নকৰি ততাতৈয়াকৈ কেবিনেটত অনুমোদন কৰাই বিষয়টো দিল্লীলৈ প্ৰেৰণ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো স্বাভাবিক।
বিবদমান এলেকাৰ গঞাৰ মতামত লোৱাৰ পিচতহে বিষয়টো চূড়ান্ত কৰিব লাগে বুলি বিৰোধী তথা ছাত্র নেতাসকলে দাবী জনাইছিল। এতিয়া চৰকাৰৰ ৰাজনৈতিক সিদ্ধান্তই এলেকাকেইটাত বসবাস কৰা লোকসকলৰ মনতো গভীৰ সন্দেহ-শংকাৰসৃষ্টি কৰিছে। দিছপুৰৰ গাতে লাগি থকা পিলিংকাটাবাসীৰ মাজতে হাহাকাৰ লাগিছে। অসমীয়া বসতিপ্রধান অঞ্চল কোনো কাৰণতে মেঘালয়ক গতাই দিয়াটো নামানে বুলি ৰাইজে হুংকাৰো দিছে।