ৰাজধানী দিল্লীৰ অসম ইনফৰমেছন চেণ্টাৰত ৪ মে’ত নেচনেল বেকৱাৰ্ড ক্লাছ এছ’চিয়েচন,অসম প্ৰদেশ কমিটিৰ এক সন্মিলন অনুষ্ঠিত হৈ যায়। ইয়াৰ পূৰ্বে দিল্লীৰ কনষ্টিটিউচন ক্লাব অব ইণ্ডিয়াত অনুষ্ঠিত হৈছিল এনবিচিএৰ এদিনীয়া জাতীয় সমাৰোহ। এই সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত আছিল কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায় আৰু অতিথিৰূপে উপস্থিত আছিল নেচনেল বেকৱাৰ্ড ক্লাছ কমিউচনৰ অধ্যক্ষ হংসৰাজ আহিৰ।
উক্ত সমাৰোহত ৰাজ্যিক অবিচি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আৰু সমাধানৰ বাবে কেইবাটাও প্ৰস্তাৱ গৃহীত হৈছিল। সেই সমাৰোহত কি কি প্ৰস্তাৱ গৃহীত হৈছিল সেই সন্দৰ্ভত সাংবাদিকক অৱগত কৰাৰ বাবে আয়োজিত সংবাদমেলত সংগঠনটোৰ বাবে অসমৰ অ বি চি জনগোষ্ঠীৰ সাতাইশ শতাংশ চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থা পূৰ্ণ ৰূপায়ণ হ’ব লাগে, অবিচি জনগোষ্ঠীৰ কাৰণে নতুন দিল্লীত এটা গেষ্ট হাউচ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰা কৰিব লাগে, ৰাজ্যৰ বিধান সভাত এছচি, এছটিৰ দৰে কমেও পাঁচটা বিধান সভাত আসন সংৰক্ষণ আদি দাবীৰে প্ৰস্তাৱ গৃহীত কৰিছিল। সংবাদমেল সম্বোধন কৰি এই কথাও কয় যে এন বি চি এৰ অসম প্ৰদেক কমিটিৰ শীঘ্ৰে পূৰ্ণাংগ ৰূপ দিয়া হ’ব।সংবাদমেলত উপস্থিত আছিল এন বিপিএৰ অসম প্ৰদেশৰ সভাপতি বিশ্বজিত সিংহ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমন্বয়ক হিৰণময় সিং।