বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনৰ মুলকি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অভিভূত হৈ পৰিল। তেওঁ সভাত ৰাইজৰ হেঁপাহ আৰু মৰম দেখি আনন্দিত হোৱাৰ লগতে ইয়াৰ বাবে বড়ো ৰাইজক প্ৰশংসাও কৰে। উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনত অসমৰ উপৰিও চুবুৰীয়া বাংলাদেশ আৰু নেপালৰ বড়ো লোক সকলেও ইয়াত অংশগ্ৰহণ কৰাৰ বাবে শলাগ লয়। নিজৰ ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, অসমৰ লোকৰ মৰমৰ বাবেই বাৰে বাৰে অসমলৈ আহিবলৈ মন যায়।
আনহাতে সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বড়ো ভাষা আৰু জনগোষ্ঠীটোৰ বিকাশৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। তেওঁ বড়ো সাহিত্য সভাক ৫ কোটি টকা অনুদান আগবঢ়োৱাৰ লগতে প্ৰতিখন জিলাতে বড়ো সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে। আগন্তুক তিনি বছৰৰ ভিতৰত প্ৰতিখন জিলাতে নিৰ্মাণ কৰি উলিওৱা হ’ব এই কাৰ্যালয়সমূহ। ইয়াৰ বাবে অসম চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰিব ৫০ লাখকৈ টকা। ইফালে একাদশ আৰু দ্বাদশ শ্ৰেণী পৰ্যন্ত বড়ো মাধ্যম সম্প্ৰসাৰিত কৰাৰ লগতে স্নাতক আৰুো স্নাতকোত্তৰ পৰ্যায়তো বড়ো ভাষা অন্তৰ্ভুক্ত কৰাৰ কথাও ঘোষণা কৰে।
ইফালে পূৰ্বে অসম ভ্ৰমণ কৰাৰ সময়তে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাজিৰঙাত এলিভেটড কৰিডৰ নিৰ্মাণৰ পৰামৰ্শ আগবঢ়াইছিল। ৰাষ্ট্ৰপতিৰ সেই পৰামৰ্শক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগত আলোচনা কৰি এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ কথা চিন্তা কৰিছে।
উল্লেখ্য যে তামুলপুৰৰ কচুবাৰীৰ গৌজন পথাৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও ৰাজ্যপাল জগদীশ মুখী, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত্ দৈমাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।